OffBeat
চৰাইদেউ: চৰাইদেউ জিলাৰ লেঙীবৰত উদ্ধাৰ কৰে শিশু শ্ৰমিক৷ পুতু বৰুৱা নামৰ ব্যক্তিগত চাহ বাগিচাৰ পৰা ১৫গৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ পাছতে মথুৰাপুৰ থানাত এক গোচৰ ৰুজু হয়।
চৰাইদেউ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু শিৱসাগৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ তৎপৰতাত দুয়োখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া নুজহত নাছৰীন আৰু জাহ্নৱী গোস্বামীৰ তত্ত্বাৱধানত নাজিৰা মহকুমাৰ লেঙীবৰ অঞ্চলৰ বাকুপুখুৰীত এখন ব্যক্তিগত চাহ বাগিচাৰ পৰা ১৫গৰাকীকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পুতু বৰুৱা মালিকানাধীন উক্ত চাহ বাগিচাৰ পৰা চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা শিশু শ্ৰমিক ট্ৰাস্ক ফ’ৰ্চৰ যুটীয়া উদ্যোগত চলা এক অতৰ্কিত অভিযানত এই শিশু শ্ৰমিকসকলে।
Leave A Comment