Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
শিৱসাগৰঃ শিৱসাগৰত নিৰ্মাণ হ'ব আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয়। স্বৰ্গদেউ চাওল্যুং ছ্যুকাফাৰ নামৰে হ'ব বিশ্ববিদ্যালয়খন। শিৱসাগৰৰ নাজিৰাত স্বৰ্গদেউ ছ্যুকাফাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি এই কথা ঘোষণা কৰে অসম চৰকাৰৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। অসম সচিবালয়তো স্থাপন হ'ব ছ্যুকাফাৰ সুউচ্চ প্ৰতিমূৰ্তি। ‘অসমৰ গাঁৱে গাঁৱে নিৰ্মাণ হ'ব লাগে স্বৰ্গদেউ ছ্যুকাফাৰ প্ৰতিমূৰ্তি’-বুলিও উদ্বোধনী অনুষ্ঠানত মন্তব্য কৰে শৰ্মাই।
আৰু পঢ়িব পাৰিব : সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্ৰীঃ ৰাইজৰ দল
উল্লেখ্য যে আটাছুৰ উদ্যোগত নাজিৰাত নিৰ্মাণ কৰা ৭৫ ফুট উচ্চতাৰ ছ্যুকাফাৰ প্ৰতিমূৰ্তি আজি উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীজনে তাই ধৰ্মীয় বানফী আৰু ফুৰালুং পূজাতো অংশ লয়। স্থাপন হোৱা ছ্যুকাফাৰ প্ৰতিমূৰ্তি এছিয়াৰ ভিতৰতে সুউচ্চ এই মূৰ্তি।
আৰু পঢ়িব পাৰিব : নীৰৱ মোদী ভাৰতলৈ! আৰ্থাৰ ৰোড কাৰাগাৰ হ’ব নতুন ঠিকনা
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা প্ৰতিমূৰ্তি আজি উদ্বোধন কৰি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী সভাত ছ্যুকাফাৰ আদৰ্শ ভাৰতবাসীয়ে গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে। আনহাতে সাংবাদিকৰ প্ৰশ্নত ৰাজনৈতিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও শিৱসাগৰ আৰু নাজিৰা সমষ্টিত জয়ৰ সম্ভাৱনা থকা যুঁজাৰু প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।
Leave A Comment