• শীঘ্ৰে নিৰ্মাণ হ’ব লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প, পৰিদৰ্শন বিধায়কসহ কাৰিকৰী বিশেষজ্ঞৰ

    আঞ্চলিক
    শীঘ্ৰে নিৰ্মাণ হ’ব লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প, পৰিদৰ্শন বিধায়কসহ কাৰিকৰী বিশেষজ্ঞৰ

    গোলাঘাটঃ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নিৰ্মাণ হ’ব লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পটি। শুকুৰবাৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে কাৰিকৰী বিশেষজ্ঞসহ পৰিদৰ্শন কৰে প্ৰস্তাৱিত ক্ৰীড়া প্ৰকল্পৰ ভূমি। বৰপথাৰ মৌজাৰ নাহৰবাৰীত স্থাপন কৰা হ’ব ক্ৰীড়া প্ৰকল্পটো। ক্ৰীড়া প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ৪১ বিঘা ভূমি ইতিমধ্যে নিৰ্বাচন কৰি উলিওৱা হৈছে।





    শীঘ্ৰে এই চৰকাৰী ভূমিখিনি লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পলৈ হস্তান্তৰ কৰা হ’ব। অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী অসমকন্যা লাভলীনাক সন্মান জনাই ৰাজ্য চৰকাৰে আগবঢ়োৱা ২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই ক্ৰীড়া প্ৰকল্পত থাকিব ফুটবলৰ বাবে এখন খেলপথাৰ, ৪০০ মিটাৰ দৌৰৰ ছিণ্টেথিক ট্ৰেক, এখন ইণ্ডোৰ ষ্টেডিয়াম, চাৰিটা বক্সিং ৰিং, দুখন বেডমিণ্টন কৰ্ট, ভলীবল কৰ্ট, আৰ্চাৰী, ছুইমিং পুল, বক্সিং একাডেমীৰ বাবে খেলুৱৈৰ হোষ্টেল, প্ৰশাসনিক ভৱনৰ লগতে একেলগে ৩০,০০০ দৰ্শকে খেল উপভোগ কৰিব পৰা আসন।





    ইতিমধ্যে গুৱাহাটীৰ অভিজ্ঞতাসম্পন্ন আৰ্কিটেকে অংকন কৰি উলিয়াইছে ক্ৰীড়া প্ৰকল্পটিৰ ছাইট প্লেন ড্ৰয়িং। শুকুৰবাৰে অনুশীলন শিবিৰলৈ ৰাওনা হোৱাৰ প্ৰাকমুহূৰ্তত লাভলীনাক দেখুৱা হয় ছাইটপ্লেনৰ ড্ৰয়িং। ছাইটপ্লেন সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে লাভলীনা বৰগোহাঁয়ে।