• শুকুৰবাৰে দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ ছাত্ৰ-ছাত্ৰীৰ বাবে নাথাকিব পুনৰীক্ষণৰ ব্যৱ

    আঞ্চলিক
    শুকুৰবাৰে দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ ছাত্ৰ-ছাত্ৰীৰ বাবে নাথাকিব পুনৰীক্ষণৰ ব্যৱ

    গুৱাহাটীঃ শুকুৰবাৰে দিনৰ ১১বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১৪টা ৱেবছাইটত এটা মোবাইল এপযোগে ঘোষণা হ’ব ফলাফল। Gogole play store গুগ’ল প্লে’ ষ্টোৰৰপৰা ডাউনলোড কৰিব লাগিব ‘sebaresults 2021’ এপ। মাৰ্কশ্বীট-চাৰ্টিফিকেটৰ হাৰ্ড কপি ফলাফলৰ লগে লগে নাপাব। কেতিয়া লাভ কৰিব ‘ছেবা’ই আগতীয়াকৈ জনাব। এইবাৰৰ ফলাফলত নাথাকিব স্থানৰ ব্যৱস্থা।





    ফলাফলৰ পাছত স্কুলসমূহত কোনোধৰণৰ আনন্দ উৎসৱ অনুষ্ঠিত কৰিব নোৱাৰিব। এইবাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নাথাকিব পুনৰীক্ষণৰ কোনোধৰণৰ সুবিধা। কোনো ছাত্ৰ-ছাত্ৰী প্ৰাপ্ত নম্বৰত সন্তুষ্ট নহ’লে পুনৰ পৰীক্ষাত বহিব পাৰিব। পৰীক্ষা কেতিয়া পাতিব পৰৱৰ্তী নিৰ্দেশনা যোগে জনাব ‘ছেবা’ই।






    ছাত্ৰ-ছাত্ৰীসকলক হাৰ্ড কপিৰ পৰিৱৰ্তে ডিজিটেল কপি প্ৰদান কৰা হ’ব বুলিও আমাৰ সাংবাদিকক জনাইছে কৰ্তৃপক্ষই। কোনো ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষাত বহিব বিচাৰিলে অহা ৫আগষ্টৰপৰা ১২আগষ্টলৈ ছেবাৰ প’ৰ্টেলত অনলাইনযোগে আৱেদন কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে।