• শৃংখলা দখলৰ লক্ষ্যৰে সাজু শিখৰ ব্ৰিগেড

    আঞ্চলিক
    শৃংখলা দখলৰ লক্ষ্যৰে সাজু শিখৰ ব্ৰিগেড

    কলম্বোঃ ভাৰত-শ্ৰীলংকাৰ মাজত আজি দ্বিতীয় এদিনীয়া। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ৩বজাৰ পৰা খেলখন আৰম্ভ হ’ব। শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত জয়লাভৰ পাছত আজি শৃংখলা দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ভাৰত। প্ৰথম জয়ে আত্মবিশ্বাস দৃঢ় কৰিছে ভাৰতীয় দলৰ। শিখৰ ধৱনৰ অধিনায়কত্বত ভাৰতে পুনৰ জয়ৰ স্বপ্ন দেখিছে। শিখৰ ধৱন,পৃথ্বী শ্ব, ঈষাণ কিষণ, সূৰ্যকুমাৰ যাদৱৰ আকৰ্ষণীয় বেটিং অৰ্ডাৰে পুনৰ চমক দিবলৈ সক্ষম হ’ব বুলি আশা ক্ৰীড়া অনুৰাগীৰ।

    ইফালে সমতা স্থাপনৰ পণেৰে সাজু শ্ৰীলংকা। পূৰ্বৰ দুৰ্বলতাক বিসৰ্জন দি বেটে-বলে উজলি উঠাৰ আশা অধিনায়ক ডাছুন ছনাকাৰ। দ্বিতীয় এদিনীয়াত ভাৰতীয় খেলুৱৈৰ মাজত সাল-সলনি কৰাৰ সম্ভাৱনা নাই। অৱশ্যে অন্তিম একাদশত ভাৰতে অন্য খেলুৱৈক সুযোগ দিয়াৰ সম্ভাৱনা আছে। বিশেষকৈ মনীষ পাণ্ডেক লৈ চিন্তিত হৈ পৰিছে টীম মেনেজমেণ্ট। প্ৰথম এদিনীয়াত ৪০টা বলত সংঘৰ্ষপূৰ্ণ ২৬ ৰানহে সংগ্ৰহ কৰিছিল পাণ্ডেই। পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত থাকিলে মূল একাদশত পাণ্ডেৰ স্থানত অইন খেলুৱৈৰ প্ৰত্যাৱৰ্তন প্ৰায় নিশ্চিত হৈ পৰিছে!