• শৃংখলৰ হুমকিৰ পাছতো গা নলৰিল অবৈধ ব্যৱসায়ীৰ !

    আঞ্চলিক

    শিৱসাগৰ : শিৱসাগৰত ব্যৱসায়িক প্ৰতিষ্ঠান অবৈধ দখল প্ৰসংগক লৈ উত্তেজনা অব্যাহত আছে৷ সোমবাৰে দুই ব্যৱসায়ী নাৰায়ণ পাল, গোবীন দত্তৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰে দোকান দুখনৰ স্বত্বাধিকাৰী ননী দেৱীয়ে৷

    অবৈধভাৱে দোকান দখলৰ অভিযোগ উত্থাপন কৰি ননী দেৱীয়ে প্ৰাণৰ প্ৰতিও ভাবুকি অহা বুলি উল্লেখ কৰিছে এজাহাৰত৷ উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত আছে ননী দেৱীৰ দুখন কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান৷ দোকান দুখন বহু বছৰ পূৰ্বে ভাড়াত দিছিল নাৰায়ণ পাল, গোবিন দত্তক৷ বিগত এবছৰে দোকান খালী কৰিবলৈ মালিকপক্ষই জাননী দিছিল যদিও দোকান খালী কৰি নিদিয়াত বিধৱা মহিলাগৰাকীয়ে বীৰ লাচিত সেনাৰ সহায় বিচাৰিছিল।

    সেইসূত্ৰে শনিবাৰে শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ এটা দলে দোকান ৪৮ ঘণ্টাৰ ভিতৰত খালী কৰিবলৈ হুমকি দিছিল নাৰায়ণ পাল, গোবিন দত্তক। ৪৮ ঘণ্টা অতিক্ৰম কৰাত শৃংখল চলিহাক লগত লৈ সদৰ থানাত এজাহাৰ দাখিল কৰে ননী দেৱীয়ে।

    Weather Forecast