• শোকস্তব্ধ: বিশিষ্ট লেখিকা বন্তি আশা কাকতি চলিহাৰ দেহাৱসনা

    আঞ্চলিক
    শোকস্তব্ধ: বিশিষ্ট লেখিকা বন্তি আশা কাকতি চলিহাৰ দেহাৱসনা

    গুৱাহাটী : বিশিষ্ট লেখিকা বন্তি আশা কাকতি চলিহাৰ আজি দেহাৱসনা ঘটে৷ গুৱাহাটীত বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটে কাকতি চলিহাৰ৷ বন্তি আশা কাকতি চলিহা আছিল এগৰাকী অনুবাদক৷ দুখন বেদকে ধৰি ৩০ খনৰো অধিক গ্ৰন্থ অনুবাদ কৰিছিল তেওঁ৷ বিভিন্ন ভাষাত তেওঁ লিখিছে প্ৰায় ৩ হাজাৰৰো অধিক কবিতা৷ ভাৰতীয় চলচ্চিত্ৰ নিগমৰ চেঞ্চৰ ব’ৰ্ডৰ সঞ্চালকো আছিল আশা কাকতি৷









    ৪ বছৰকাল নিগমৰ উত্তৰ-পূবৰ সঞ্চালক আছিল৷ ১৯৫০ চনৰ ২৫ অক্টোবৰত শিৱসাগৰৰ নাজিৰাত জন্ম লাভ কৰা আশা কাকতি চলিহাই লাভ কৰিছিল কেইবাটাও বঁটা৷ ৰাষ্ট্রীয় হিন্দী অকাডেমীৰ পৰা ওড়িশাৰ নাট্যকাৰ ফকিৰমহন বঁটা লাভ কৰিছিল তেওঁ৷ ২০১০ চনত হিন্দী সংসাধন বঁটা লাভ কৰিছিল তেওঁ, মেঘালয় হিন্দী অকাডেমীৰ জীৱনজোৰা সাধনা বঁটা আৰু ২০১৪ চনত লাভ কৰিছিল ৰাষ্ট্রীয় কবিসন্মিলনৰ ৰাষ্ট্রীয় বঁটাও৷









    উল্লখ্যে যে, বিশিষ্ট লেখিকাগৰাকীৰ পিতৃ-মাতৃ আছিল ক্ৰমে মুক্তিযোদ্ধা বুদ্ধধৰ চলিহা, কবি শশীপ্ৰভা চলিহা৷ বন্তি আশা কাকতি চলিহাৰ স্বামী আছিল দন্দধৰ কাকতি৷ বৰদেউতাক কুলধৰ চলিহা আছিল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ৷ ফুলনি কবি পদ্মধৰ চলিহাও আছিল তেওঁৰ বৰদেউতাক৷