• শোকাৱহ! তীব্ৰবেগী এম্বুলেঞ্চে প্ৰাণ ল’লে টিউচনলৈ যোৱা ছাত্ৰৰ

    আঞ্চলিক

    ডিজিটেল ডেস্ক: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে পথদুৰ্ঘটনা৷ এইবাৰ পথ দুৰ্ঘটনাই কাঢ়িলে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ প্ৰাণ ৷ মুকালমুৱাৰ হিদিলাট্টাৰীত সংঘটিত হৈছে এই শোকাৱহ পথদুৰ্ঘটনাটো৷ হাজো-দৌলাশাল পথত সংঘটিত পথ দুৰ্ঘটনাত ছাত্ৰগৰাকীৰ মৃত্যু হয়। টিউচন কৰি ঘৰলৈ উভতাৰ পথত দুগৰাকী ছাত্ৰ-ছাত্ৰীক AS-01AC-0546 নম্বৰৰ এখন তীব্ৰবেগী ব্যক্তিগত এম্বুলেঞ্চে প্ৰচণ্ড খুন্দা মাৰে।

    এম্বুলেঞ্চখনৰ খুন্দাত আহত হোৱা ছাত্ৰ বিকিত বৰ্মন আৰু ছাত্ৰী ছুইটী চৌধাৰীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে দুয়োগৰাকীকে। চিকিৎসাধীন অৱস্থাতে ছাত্ৰ বিকিত বৰ্মনৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীৰ ঘৰ হিদিলাট্টাৰীত।

    নিহত হোৱা বিকিত, দিপাংকৰ বৰ্মনৰ একমাত্ৰ পুত্ৰ আছিল বুলি জানিবলৈ পোৱা গৈছে। লগতে বিকিতে হিদিলাট্টাৰীৰ বোধিদ্ৰুম জাতীয় বিদ্যালয়ৰ অধ্যয়ন কৰিছিল। ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰা এম্বুলেঞ্চখন বৰ্তমান দৌলাশাল আৰক্ষীৰ জিম্মাত আছে। মেধাৱী ছাত্ৰজনৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

    Weather Forecast