• শোকাৱহ! হাতীৰ গচকত মৃত্যু পিতৃসহ দুবছৰীয়া শিশুৰ

    আঞ্চলিক

    নুমলীগড়ঃ ৰাজ্যজুৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নুমুলীগড়নুমলীগড়ৰ বকিয়াল মহল তিনিআলিত পুৱতীনিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল পিতৃ-পুত্ৰৰ৷ পিতৃ বিকাশ বৈষ্ণৱ আৰু দুবছৰীয়া শিশু জ্ঞানদ্বীপ বৈষ্ণৱ৷ বন্যহস্তীয়ে ঘৰ ভাঙি ভিতৰত প্ৰৱেশ কৰোতেই কণমানিক কোলাত লৈ পিতৃয়ে পলায়ণ কৰোতেই লুটিখাই পৰাত তাতেই আক্ৰমণ কৰে হাতীয়ে৷

    যাৰ ফলত থিতাতে মৃত্যু হয় দুবছৰীয়া জ্ঞানদ্বীপৰ৷ ইয়াৰ পাছতে পিতৃ বিকাশকো উন্মাদ হাতীটোৱে উপৰ্যুপৰি আক্ৰমণ কৰে৷ প্ৰায় এঘণ্টা সময় ঘৰৰ ভিতৰত খাদ্যসামগ্ৰী খাই লণ্ডভণ্ড কৰাৰ পাছত হাতী আঁতৰি যায়৷ ইয়াৰ পাছতে কাষৰীয়া লোকে বিকাশক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়৷

    হাতী-মানুহৰ এনে ভয়ংকৰ সংঘাতৰ পাছতো আজিকোপতি চৰকাৰ প্ৰশাসন, বন বিভাগে কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ।

    Weather Forecast