• শোৱাপাটিতে দুৰ্বৃত্তই প্ৰাণ ল'লে ৫০ৰ ঊৰ্ধ্বৰ মহিলাৰ

    আঞ্চলিক
    শোৱাপাটিতে দুৰ্বৃত্তই প্ৰাণ ল'লে ৫০ৰ ঊৰ্ধ্বৰ মহিলাৰ

    গোৱালপাৰাঃ গোৱালপাৰাত নিশা কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে প্ৰাণ ল’লে এগৰাকী ৫০ঊৰ্ধ্বৰ মহিলাৰ। বাসগৃহত প্ৰৱেশ কৰা ঘাতকে শোৱাপাটিতে পুতুলী ধুবি নামৰ এগৰাকী অকলশৰীয়া মহিলাগৰাকীক হত্যা কৰে। দীৰ্ঘসময়লৈ শোৱাপাটি ত্যাগ নকৰাত চুবুৰীয়াৰ সন্দেহ হয় আৰু মাত নিদিয়াৰ বাবে ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰাত পুতুলীক বিচনাতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে।





    মৈজোঙা চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰা পুতুলী অৱসৰ হোৱাৰ বাবে তেওঁ কিছু ধন একেলগে লাভ কৰিছিল আৰু এই ধন কাঢ়ি নিয়াৰ বাবে ঘাতকে অতি নিসংশভাৱে হত্যা কৰাৰ সন্দেহ কৰে ৰাইজে। এই হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত বৰ্তমানেও চলি আছে।