• শোৱাপাটিৰ পৰা লৈ যোৱা নৱজাতকৰ মৃতদেহ উদ্ধাৰ গাঁতত !

    আঞ্চলিক
    শোৱাপাটিৰ পৰা লৈ যোৱা নৱজাতকৰ মৃতদেহ উদ্ধাৰ গাঁতত !

    বঙাইগাঁও : বঙাইগাঁৱত শোৱাপাটিৰ পৰাই নিৰুদ্দেশ নৱজাতকৰ সন্ধান লাভ৷ নানকাৰগাঁৱত শোৱাপাটিৰ পৰাই নিৰুদ্দেশ হোৱা নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷ ঘৰৰ পৰা ৭০মিটাৰমান আঁতৰত সৰু পুখুৰীসদৃশ গাঁতত উদ্ধাৰ কৰা হয় মৃতদেহটি৷





    নিৰুদ্দেশ হোৱা পাছৰে পৰা অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰিছিল৷ অঞ্চলটোৰ স্থানীয় লোকে গৰু বান্ধিবলৈ যাওতে প্ৰত্যক্ষ কৰে মৃতদেহটি৷ তাৰ পাছতেই হুৱা দুৱা লাগে অঞ্চলটোত৷ ইতিমধ্যে বঙাইগাঁও সদৰ আৰক্ষী, বিদ্যাপুৰ আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰা হয় মৃতদেহটি৷





    এই ঘটনা সন্দৰ্ভত এতিয়ালৈ আৰক্ষীৰ চৰজমীন তদন্ত অব্যাহত আছে৷ আনহাতে শিশুটি মৃত্যুৰ বাতৰি পোৱাৰ পাছৰে পৰা মাতৃগৰাকী অসুস্থ হৈ পৰাত বিদ্যাপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তী কৰা হৈছে।