Regional
ডিজিটেল ডেস্কঃ বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ ওপৰত খং উঠিছে ‘অসম জাতীয় পৰিষদ’ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। এই খঙৰ বহিঃপ্রকাশ স্বৰূপে লুৰীণজ্যোতি গগৈয়ে সামাজিক মাধ্যমত সকীয়ালে শ্বেৰমান আলীক। উল্লেখ্য যে, শ্বেৰমান আলীয়ে ছিপাঝাৰৰ গৰুখুঁটিত চলা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিবলৈ গৈ ১৯৮৩ চনৰ ‘অসম আন্দোলন’ৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন কেইবাজন লোককো ‘ঘাতক’ বুলি আখ্যা দিছিল।
শ্বেৰমান আলীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে এটা টুইটত কয় যে, “বিধায়কগৰাকীক অসম আন্দোলনৰ শ্বহীদ সম্পৰ্কে কৰা দায়িত্বহীন মন্তব্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনালোঁ৷ লগতে, ভৱিষ্যতে শ্বহীদ সম্পৰ্কে নেতিবাচক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিলোঁ৷ জয় আই অসম।” তেওঁ লগতে আন এটা টুইটত কয় যে, “এগৰাকী সন্মানীয় জনপ্ৰতিনিধিৰ এনে নিকৃষ্টতম মন্তব্য দুৰ্ভাগ্যজনক৷ অসমৰ জাতীয় জীৱনৰ বাবে বিধায়কগৰাকীৰ এনে মন্তব্য গ্ৰহণযোগ্য নহয়, হ’ব নোৱাৰে।”
আনহাতে, শ্বেৰমান আলীৰ বিৰুদ্ধে সৰব হৈছে কংগ্ৰেছ সভাপতি ভূপেন বৰা। শ্বেৰমান আলীৰ মন্তব্য সন্দৰ্ভত শুকুৰবাৰে দলৰ মজিয়াত বিস্তৃতৰূপত আলোচনা কৰি তেওঁৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কয় ভূপেন বৰাই।
Leave A Comment