• শ্ৰমিকৰ অধিকাৰ খৰ্বঃ শ্ৰমিক দিৱসত কাম কৰিবলৈ বাধ্য কৰালে ফ'ৰলেন নিৰ্মাণ কোম্পানীয়ে

    আঞ্চলিক
    শ্ৰমিকৰ অধিকাৰ খৰ্বঃ শ্ৰমিক দিৱসত কাম কৰিবলৈ বাধ্য কৰালে ফ'ৰলেন নিৰ্মাণ কোম্পানীয়ে

    শিৱসাগৰ : আজি মে' দিৱস।নিষ্পেষিত আৰু উপেক্ষিত শ্ৰমিকৰ দিন! আজিৰ শ্ৰমিক দিৱসৰ দিনা এইসকল লোকে লাভ কৰে কিছু মৰ্যাদা আৰু গুৰুত্ব। কিন্তু একাংশ বনিয়াৰ অত্যধিক লোভৰ বাবে আজিৰ দিনটোত ভূ-লুণ্ঠিত হ'ল শ্ৰমজীৱীৰ অধিকাৰ।জাঁজীৰ পৰা ডিমৌলৈ প্ৰায় ৪৪ কিলোমিটাৰ ফ'ৰলেন নিৰ্মাণ কৰি থকা কোম্পানীয়ে আজি মে' দিৱসক চৰম অপমান কৰি বলপূৰ্বকভাৱে দাবী-ধমকি দি শ্ৰমিকক পথনিৰ্মাণৰ কামত লাগিবলৈ বাধ্য কৰালে।





    আৰু পঢ়িব পাৰিব :  গ্ৰেপ্তাৰ কৰা অপৰাধীৰ দেহত কৰ’নাঃ আৰক্ষী থানাত আতংক





    আজিৰ শ্ৰমিক দিৱসত কাম কৰিবলৈ মান্তি নোহোৱা শ্ৰমিকসকলক ধমকি দি কামলৈ পথালে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ ফাৰ্মখনে। জাঁজীৰ পৰা ডিমৌলৈ এই ৪৪ কিলোমিটাৰ পথ নিৰ্মাণৰ মূল ঠিকাদাৰী প্ৰতিষ্ঠান আছিল গেনন ডাংকাৰলে এণ্ড কোম্পানী লিমিটেড। কিন্তু এই প্ৰতিষ্ঠানে এই অংশ ফ'ৰলেন নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ ফাৰ্মখনক। এই ফাৰ্মৰ বিষয়া ৰণবীৰ আৰু অৰুণ কুমাৰে জোৰজুলুম কৰি আজিৰ দিনটোতো শ্ৰমিকসকলক কাম কৰিবলৈ বাধ্য কৰে।





    আৰু পঢ়িব পাৰিব : সুখবৰ : দাদা চাহেব ফাল্কে ছবি মহোৎসৱত বিশেষ সন্মান অসমৰ চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’লৈ





    উক্ত ফাৰ্মৰ পৰিচালন সঞ্চালক সঞ্জয় চৌধুৰীয়ে এনে কাম অজানিতে হোৱা বুলি দুখ প্ৰকাশ কৰাটোৱে স্পষ্ট কৰি দিয়ে যে এনে প্ৰতিষ্ঠানসমূহ শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যক লৈ সচেতন নহয়। আনহাতে ফ'ৰলেনত কৰ্মৰত শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ প্ৰতি দায়বদ্ধ কেন্দ্ৰীয় শ্ৰম বিভাগে কিয় এনে অনিয়ম তথা শ্ৰমিকৰ অধিকাৰ ভূ-লুণ্ঠিত কৰা বিষয়ত হস্তক্ষেপ নকৰে সেয়াহে এক ৰহস্যৰ আৱৰ্তত!