National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
ডুমডুমাঃ কেঁচা চাহপাতৰ উচিত মূল্যৰ দাবী জনাই অহা ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ একাংশই কেৱল নিজৰ মুনাফাৰ স্বাৰ্থত চৰকাৰী নীতি-নিৰ্দেশনা আৰু আইনক চূড়ান্তৰূপে অৱমাননা কৰা দেখা গৈছে| ডুমডুমাৰ টিম শৰ্মা নামৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে নিজ চাহ বাগিচাত শিশু শ্ৰমিক নিয়োগ কৰি শিশুসকলক অতি কম মজুৰিৰে কাম কৰোৱাই মুনাফা আদায় কৰাৰ এক নিকৃষ্ট কাৰ্য হেলাৰঙে কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্থানীয় গোটে এই খবৰ লাভ কৰি বাগিচাখনত অভিযান চলাই ৬গৰাকী কন্যা শিশু শ্ৰমিক উদ্ধাৰ কৰে| আচৰ্যজনকভাৱে ৯ বছৰৰ পৰা ১২ বছৰ বয়সৰ কন্যা শিশু শ্ৰমিকসকলে প্ৰতিদিনত পাত চিঙি ২০/২৫ টকা উপাৰ্জন কৰে| আনহাতে নিয়মীয়া প্ৰাপ্তবয়স্ক শ্ৰমিকসকলক মাত্ৰ ১২০ টকা মজুৰি প্ৰদান কৰাৰ লগতে শ্ৰমিকসকলক ৰেচন, ভৱিষ্যনীধি, গ্ৰেছউৰিটী, চিকিৎসা সেৱা আদি সকলো ধৰণৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে|
বাগিচাখনৰ শ্ৰমিকে জানিবলৈ দিয়া মতে বাগিচাখনৰ স্বত্বাধিকাৰী টিম শৰ্মাই বোনাছ দিয়াৰ প্ৰতিশ্ৰুতি দি শ্ৰমিকৰ দৰমহাৰ পৰা ১০টকাকৈ কৰ্তন কৰি আহিছে| চাহ জনজাতি ছাত্ৰ সন্থাই শিশু শ্ৰমিক নিয়োজিত কৰাৰ বাবে টিম শৰ্মা নামৰ লোকজনৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল কৰিছে যদিও প্ৰশ্ন হৈছে শিশু শ্ৰমিক নিয়োগ কৰি মুনাফা আদায় কৰা টিম শৰ্মা নামৰ লোকজনৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই!
Leave A Comment