জীৱন শৈলী
গুৱাহাটী : অসমত শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি৷ শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ সমিতি, অসম প্ৰান্তৰ এখন সংবাদমেলত আজি শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান ১৫ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ ৰাজ্যত চলিব বুলি জানিবলৈ দিয়ে ডা: উমেশ চক্ৰৱৰ্তীয়ে।
আৰু পঢ়িব পাৰিব : নিৰ্বাচনী ৰণকৌশল ! বিহুৰ পাছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !
ৰাজ্যৰ ১৬,৭০৬ গাঁও, নগৰৰ ১২৬টা ৱাৰ্ডৰ লগতে মহানগৰীৰ ৬০টা ৱাৰ্ডো সামৰি লোৱা হ’ব এই অভিযানত। ইয়াৰ উপৰি প্ৰায় ৭০ হাজাৰ পৰিয়ালক সামৰি লোৱা হ’ব এই অভিযানকালত। মন্দিৰ নিৰ্মাণৰ বাবে ৰাজ্যবাসীয়ে ইচ্ছা অনুসৰি অৰিহণা দিব পাৰিব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে ৰাম মন্দিৰৰ বাবে দিব পাৰিব অনুদান।
আৰু পঢ়িব পাৰিব : পিঠিৰ বিষত ঠিয় হ’ব পৰা নাছিল অশ্বিন, তাৰ পাছতো ৩ ঘণ্টা বেটিং…
আনহাতে, ১০, ১০০ আৰু ১০০০ টকীয়া কুপনৰ জৰিয়তে দিব পাৰিব অৰিহণা। লগতে ২,০০০ টকাৰ অধিক বৰঙণি দিব বিচৰাসকলক প্ৰাপ্তি ৰচিদ প্ৰদান কৰাৰ বিষয়েও সদৰী কৰিছে উদ্যোক্তাই।
Leave A Comment