Lifestyle
গুৱাহাটী: কোলাত কেচুৱা লৈ শৰাইঘাট দলঙৰ পৰা আত্মহত্যাৰ চেষ্টা কৰে এগৰাকী মহিলাৰ। পাৰিবাৰিক কণ্ডলৰ বাবে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি বান্না দেৱী নামৰ মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।
স্বামীসহ পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিব বিচাৰিছিল কেচুৱাসহ মহিলাগৰাকীয়ে। আমিনগাঁও আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীক।
আমাৰ সাংবাদিকে জনোৱা অনুসৰি, আত্মহত্যা কৰিব বিচৰা বান্না দেৱী মহিলাগৰাকীৰ ঘৰ আমিনগাঁও পানীপাৰাত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে পত্নীৰ অভিযোগৰ ভিত্তিত ধৃত স্বামী সনু ৰায়ক সোধা-পোছাৰ বাবে আটক কৰিছে আমিনগাঁও আৰক্ষীয়ে। স্বামী, শহুৰ-শাহুৱেক সকলোৱে মিলি শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।
Leave A Comment