Sci & Tech
কামৰূপ : নিশা শৰাইঘাট দলঙত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা । শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ফুট তলত পৰিল চুইফট বাহন । দুৰ্ঘটনা থিতাতে নিহত দুগৰাকী লোক । ছিপাঝাৰৰ মৰোৱাচুকীৰ পৰা গুৱাহাটী বিমানবন্দৰ অভিমুখী আছিল চুইফট বাহনখন ।
এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত হোৱা লোককেইজন ৰুমিজা বেগম (২৬) আৰু ফকৰুল ইছলাম (৩২) জানিব পৰা গৈছে৷ দুৰ্ঘটনাত পতিত চুইফট বাহনখনৰ নম্বৰ হৈছে AS 01 BF 0380 । দুৰ্ঘটনাটোত চূৰ্ণ-বিচূৰ্ণ হৈছে দুৰ্ঘটনাত পতিত বাহনখন ।
নিহত হোৱা লোক কেইজনৰ ঘৰ ছিপাঝাৰৰ মৰোৱাচুকীত বুলি জানিবলৈ পোৱা গৈছে। অহা মাহত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল নিহত দুয়োগৰাকীৰে । নিশাৰ ভাগত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে ছিপাঝাৰৰ মৰোৱাচুকীবাসীক । বৰ্তমান দুয়োৰে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰন কৰিছে আৰক্ষীয়ে ।
Leave A Comment