• সংকটজনক অৱস্থাত চিকিৎসাধীন নন্দিতা শইকীয়া : প্ৰতিবাদমুখৰ ধেমাজি

    আঞ্চলিক
    সংকটজনক অৱস্থাত চিকিৎসাধীন নন্দিতা শইকীয়া : প্ৰতিবাদমুখৰ ধেমাজি

    ধেমাজি: সংকটজনক অৱস্থাত চিকিৎসাধীন ধেমাজিকাণ্ডৰ নন্দিতা শইকীয়া৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত আছে নন্দিতা৷ উল্লেখ্য যে, ধেমাজিত আক্ৰমণৰ বলি হৈছিল ছাত্ৰী নন্দিতা৷ মগজুত গুৰুতৰভাৱে আঘাত পাইছিল নন্দিতাই৷

    নন্দিতাৰ মগজুৱে কোনো সঁহাৰি দিয়া নাই৷ দৰবেও কোনো সঁহাৰি দিয়া নাই বুলি প্ৰকাশ চিকিৎসকৰ৷ হয়তো যিকোনো মুহূৰ্ততে আহিব পাৰে বেয়া খবৰ৷ তথাপি চেষ্টা অব্যাহত ৰাখিছে চিকিৎসকৰ দলে৷ নন্দিতাক আক্ৰমণৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

    আজিও ধেমাজিত আছে প্ৰতিবাদী কাৰ্যসূচী৷ উল্লেখ্য যে, দেওবাৰে দিন দুপৰতে দুই ছাত্ৰীক আক্ৰমণ কৰিছিল জিণ্টু শৰ্মা নামৰ যুৱক এজনে৷ মৰিঢল মহাবিদ্যালয়ৰ পৰা উভতি যাওঁতে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল৷ দাৰে ঘপিয়াই উপৰ্যুপৰি আক্ৰমণ কৰিছিল দুই ছাত্ৰীক৷ মহাবিদ্যালয়খনৰ কৰ্মচাৰী আক্ৰমণকাৰী জিণ্টু শৰ্মা৷ প্ৰেমজনিত কাৰণতে আক্ৰমণৰ সন্দেহ প্ৰকাশ কৰা হৈছে!