• সংৰক্ষণ হ’ব গঁড়ৰ খৰ্গ, নগাঁৱতো পুন:নিৰীক্ষণ প্ৰক্ৰিয়া

    আঞ্চলিক
    সংৰক্ষণ হ’ব গঁড়ৰ খৰ্গ, নগাঁৱতো পুন:নিৰীক্ষণ প্ৰক্ৰিয়া

    নগাঁও: দুদিনীয়াকৈ আৰম্ভ হোৱা নগাঁও কোষাগাৰৰ লগতে নগাঁও জিলা সংমণ্ডল কাৰ্যালয়ত জমা থকা এশিঙীয়া গঁড়ৰ খৰ্গসমূহৰ পুনঃনিৰীক্ষণ প্ৰক্ৰিয়া কালি সন্ধিয়া সামৰণি পৰে। নগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত বন বিভাগৰ উচ্চপদস্থ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া, ফৰেনছিক পৰীক্ষাগাৰৰ বিশেষজ্ঞ, পশু চিকিৎসক, অধিবক্তা, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, গঁড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ কমিটীৰ কাৰিকৰী আৰু মাণ্ডলিক সমিতিৰ বিষয়ববীয়া তথা সদস্যসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু আৰক্ষী বিষয়াসকলৰ উপস্থিতিত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত গঁড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ আৰু ডি এন এ সংগ্ৰহকে ধৰি যাৱতীয় পৰীক্ষণ সম্পন্ন কৰে।

    অৱশ্যে এই পৰীক্ষণ প্ৰক্ৰিয়াত কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা অনা এটা গঁড়ৰ খৰ্গও আছে। বিগত প্ৰায় পাঁচ দশক ধৰি নগাঁৱত কোষাগাৰত পৰ্যায় ক্ৰমে জমা হৈ থকা গড়ৰ খৰ্গসমূহৰ ভিতৰত বিশ্বৰ সবাতোকৈ ওজন থকা গড়ৰ খৰ্গটো আছে। ইয়াৰ ওজন হৈছে ৩.০৫১ কিলোগ্ৰাম। উল্লেখ্য যে, নগাঁৱকে ধৰি মৰিগাঁও, মানস, মঙলদৈ, গুৱাহাটী আৰু তেজপুৰ মণ্ডল সামৰি বৰ্তমানলৈকে মুঠ ৯১৯টা গঁড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ সম্পন্ন হৈছে।

    ৬ ছেপ্টেম্বৰৰ পৰা গোলাঘাট কোষাগাৰত জমা থকা ১৬টা গঁড়ৰ খৰ্গৰ পুন:নিৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। তদুপৰি বন বিভাগৰ কাৰ্যালয়ত আৰু ৰাজ্যৰ বিভিন্ন কোষাগাৰত বৰ্তমানলৈকে ২ হাজাৰ ৫৭৮টা গঁড়ৰ খৰ্গ জমা থকাৰ লগতে ১৫টা নকল গঁড়ৰ খৰ্গ জমা আছে। বন বিভাগৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি-সৰ্বমুঠ গঁড়ৰ খৰ্গৰ ভিতৰত ডেৰ কিলোগ্ৰামতকৈ অধিক ওজনৰ ৫ শতাংশ গঁড়ৰ খৰ্গ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হ’ব আৰু বাকী খৰ্গসমূহ ২২ ছেপ্টেম্বৰৰ বিশ্ব গঁড় দিৱসৰ দিনা বিভাগীয়ভাৱে কাজিৰঙাত সম্পূৰ্ণৰূপে নষ্ট কৰি পেলোৱাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।