• সন্দিকৈ কলেজৰ সেই ডেলীভাৰী গাৰ্ল… মহানগৰীত প্ৰিয়ংকা দাসৰ প্ৰেৰণাদায়ক সংগ্ৰামৰ কাহিনী

    আঞ্চলিক

    ডিজিটেল ডেস্ক : সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ নহয়, সন্দিকৈ কলেজৰ প্ৰিয়ংকা দাস। ৰঙা দোপাত্তা উৰুৱাই উৰি যোৱা পখিলা নহয়, দায়িত্ববোধ আৰু কৰ্তব্যনিষ্ঠাৰ বোজা কঢ়িওৱা এগৰাকী অনন্য যুৱতী। যিয়ে নিজৰ কামৰ জৰিয়তে নিজৰ এটা সুকীয়া চিনাকি গঢ়ি তুলিছে। সকলোকে দেখুৱাইছে কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ নিদৰ্শৰ। শ্ৰমৰ মৰ্যাদাক আন এটা স্তৰলৈ উন্নীত কৰিছে তেওঁ।

    কিয় চৰ্চাত এইগৰাকী প্ৰিয়ংকা দাস? ৰঙীণ মহানগৰীত অন্য এখন সংগ্ৰামৰ জ্যোতিৰে জিলিকি উঠা প্ৰিয়ংকাৰ কথা জানো আহকচোন…
    এতিয়া যদিও নাৰীয়ে সকলো কাম কৰিব নোৱাৰে বুলি প্ৰচলিত ধাৰণা এতিয়া ভালেখিনি সলনি হৈছে যদিও ধাৰণা তথা মানসিকতাৰ সম্পূৰ্ণ পৰিৱৰ্তন হোৱা নাই। কোনে লিংগ বিভাজনৰ দোহাই দি শ্ৰমৰো বিভাজন কৰি অহা হৈছে। কিন্তু নতুন ধ্যান-ধাৰণা আৰু চিন্তাৰ নাৰীয়ে এই বিভাজন মানিবলৈ ইচ্ছুক নহয়। এইবাৰ এনে মানসিকতাৰ প্ৰাচীৰ ভাঙি এগৰাকী যুৱতীয়ে প্ৰমাণ কৰি দেখুৱাইছে যে কামৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাথাকে। কামৰ সৰু-বৰ নাথাকে। কৰ্মময়তা আৰু জীৱনমুখী সংগ্ৰামৰ থাকে এক সুকীয়া সৌন্দৰ্য। নিজৰ অদম্য ইচ্ছাশক্তি, কষ্টসহিষ্ণুতা আৰু ব্যতিক্ৰমি মনোভাৱেৰে আৰম্ভ কৰা এক কৰ্মৰ বাবে যুৱতীগৰাকী এতিয়া সকলোৰে মাজত চৰ্চিত হৈ পৰিছে। সন্দিকৈ কলেজত অধ্যয়ন কৰি থকাৰ লগতে তেওঁ চলাই আছে জীৱিকা অৰ্জনৰ আ এখন সংগ্ৰাম। পঢ়াৰ সমান্তৰালকৈ যুৱতীগৰাকীয়ে ঘৰখনৰ অনাটন পূৰাবলৈ কৰিবলৈ তেওঁ ফ্লিপকাৰ্টৰ ডেলিভাৰী গাৰ্ল হিচাপেও কাম কৰি আছে। এখন স্কুটী লৈ দিনৰ দিনটো ৰ’দে-বৰষুণে তেওঁ বিলাই ফুৰিছে আনৰ চেনেহৰ টোপোলা। এনেধৰণৰ কৰ্মমুখী যাত্ৰাৰ বাবে তেওঁ এতিয়া সকলোৰে পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছে। সাধাৰণতে এনে কামত যুৱকসকলহে অধিক জড়িত হোৱা দেখা যায়। কিন্তু তেওঁ সকলো প্ৰত্যাহ্বানক নেওচি, শাৰীৰিক পৰিশ্ৰম জড়িত এই কাম কৰিবলৈ সামান্যতমো কুণ্ঠিত হোৱা নাই। কৰ্মমুখী এই জীৱনৰ অনন্য আলোকেৰে উদ্ভাসিত হৈ উঠা এই যুৱতীগৰাকী হৈছে প্ৰিয়ংকা দাস। সন্দিকৈ কলেজৰ ৰঙা উৰ্ণাৰ সমানে এতিয়া জনপ্ৰিয় প্ৰিয়ংকাৰ কাহিনীও।
    গুৱাহাটীৰ নাৰেঙ্গীৰ বাসিন্দা প্ৰিয়ংকা। বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যায়নৰত যুৱতীগৰাকীয়ে পঢ়াৰ লগতে ফ্লিপকাৰ্ট ডেলিভাৰি ছাৰ্ভিছৰ কাম কৰে। পিতৃৰ ফাৰ্ণিছাৰ দোকানখনেই আছিল প্ৰিয়ংকাহঁতৰ ঘৰখনৰ জীৱিকা উৰ্পাজনৰ একমাত্ৰ পথ। কিন্তু লকডাউনৰ গ্ৰাসত পৰি প্ৰতিজন ব্যৱসায়ীৰ দৰেই তেওঁলোকৰ পৰিয়ালৰ জীৱিকাৰ প্ৰতিও নামি আহিছিল অমানিশা। প্ৰিয়ংকাৰ পিতৃৰ ফাৰ্ণিছাৰ দোকানখনো লকডাউনৰ ফলত বন্ধ হৈ পৰাত প্ৰিয়ংকাই ঘৰখনৰ আৰ্থিক দুৰ্দশা দূৰ কৰাৰ মন মেলিলে। যাত্ৰা আৰম্ভ হৈছিল তেনেকৈয়ে, ২০২০ চনৰ আগষ্ট মাহ। চাৰিওফালে কৰ’না মহামাৰীৰ আতংক। এই জটিল সময়খিনিত সকলো লোক হৈ পৰিছিল গৃহবন্দী। কিন্তু থমকি ৰোৱা নাছিল প্ৰিয়ংকা দাস। ব্যৱসায়ৰ সকলো পথ বন্ধ হৈ পৰিছিল সেইসময়ত, কেৱল প্ৰশাসনে সকলো লোকৰ সুবিথাৰ্থে জৰুৰীকালীন সেৱা হিচাপে মুকলি কৰি ৰাখিছিল হোম ডেলিভাৰি ছাৰ্ভিছ। সেয়েহে প্ৰিয়ংকাই ডেলিভাৰি ছাৰ্ভিছক নিজৰ জীৱিকা হিচাপে লৈ আৰম্ভ কৰিছিল নিজৰ সংগ্ৰামখন। পুৱা ৬ বজাতে নিজৰ স্কুটী লৈ কান্ধত এটা গধুৰ বেগ লৈ প্ৰিয়ংকাই মানুহৰ ঘৰে ঘৰে বিলাই যায় বিভিন্ন পাৰ্চেলসমূহ আৰু সন্ধিয়া আহি ঘৰ সোমাই তেওঁ কৰে কলেজৰ অনলাইন ক্লাছসমূহ। পৰিস্থিতিৰ তাগিদাত পৰি প্ৰিয়ংকাই ৰ’দ-বৰষুণকো নেওচা দি বৰ্তমানেও চলাই গৈছে এই সংগ্ৰাম। প্ৰিয়ংকাৰ এই সংগ্ৰামী যাত্ৰা তথা তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে আৰু কেইটামান কথা জনাৰ বাবে আমি তেওঁক সুধিছিলোঁ…

    ১) আপুনি কৈছিল যিহেতু তাগিদাত পৰি ডেলিভাৰী ছাৰ্ভিছক পেছা হিচাপে গ্ৰহণ কৰিলে, বৰ্তমান আপুনি এই জীৱিকাক লৈ সুখী নে?

    প্ৰিয়ংকা: সুখী বুলি মই একাষাৰে ক'ব নোৱাৰোঁ। এগৰাকী ছোৱালী হিচাপে এইখিনি কাম কৰাটো যথেষ্ট কষ্ট হয়, পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ একেৰাহে স্কুটী চলাওঁ, কেতিয়াবা ভাগৰুৱা হওঁ যদিও কেতিয়াও ভাঙি নপৰোঁ। কষ্ট কৰি যাওঁ এদিন হ'লেও ভাল ফল পাম।

    ২) ডেলিভাৰি ছাৰ্ভিছৰ সমান্তৰালকৈ পঢ়া-শুনা একেলগে কেনেকৈ আগুৱাই নিছে?

    প্ৰিয়ংকা: এইক্ষেত্ৰত মই মই যথেষ্ট সমস্যৰ সন্মুখীন হৈছোঁ। সন্দিকৈ কলেজত প্ৰথমে মই সংস্কৃতক মেজৰ বিষয় হিচাপে অধ্যায়ন কৰিছিলোঁ পাছলৈ যেতিয়া মই এই কামটোৰ লগত বেছিকৈ জড়িত হ'ব লগা তেতিয়া মই সংস্কৃতক মেজৰ বিষয়ৰূপে এৰিব লগা হ'ল। তদুপৰি বৰ্তমান কলেজত চলি থকা অনলাইন ক্লাছসমূহ নিয়মিতভাৱে উপস্থিত থাকিব নোৱাৰোঁ। কেৱল সন্ধিয়াৰ ক্লাছসমূহত মই থাকিব পাৰোঁ। তথাপি যিমান পাৰো স্নাতক ডিগ্ৰীটো লবলৈ চেষ্টা কৰিছোঁ, মোৰ নিজৰ ওপৰত বিশ্বাস আছে সেইখিনি সম্ভৱ হৈ উঠিব।

    ৩) বৰ্তমান কৰি থকা কামটোক আপুনি অনাগত সময়তো অব্যাহত ৰাখিব নেকি?

    প্ৰিয়ংকা: কামৰ কোনো সৰু-বৰ নাথাকে। বৰ্তমান এই জীৱিকাটোৰ পৰাই যিহেতু মোৰ লগতে ঘৰখন চলি আছে গতিকে যিমান দিনলৈকে সম্ভৱ হয় মই এই কাম কৰি যাম। প্ৰত্যেক মানুহৰে উচ্চাকাংক্ষা থাকে, সেইদৰে মোৰো বহুতো সপোন আছে।

    ৪) আপোনাৰ এই কৰ্ম যাত্ৰাৰ অভিজ্ঞতাৰে, আপোনাৰ সমবয়সীয়া বা নতুন প্ৰজন্মক কি ক’ব বিচাৰিব?

    প্ৰিয়ংকা: ৰাজপথত আন্দোলন কৰি অসমীয়াই বহুত প্ৰাপ্য বিছাৰিলে। আমাৰ দাবী-অভিযোগ শুনিবলৈ আমাৰ শাসকপক্ষৰো সময় নাই। কিন্তু সময় আমাৰ হাতত আছে, সময় থাকোঁতেই আমি চৰকাৰী চাকৰিলৈ বাট নাচাই নিজৰ সাধ্য অনুসৰি নিজৰ কাম কৰিব লাগে, সময়ত এদিন সকলোৰে ভাল হ'ব।
    বিঃদ্ৰঃ প্ৰিয়ংকাৰ সংগ্ৰামৰ কাহিনী লিখি থকাৰ সময়ত এইগৰাকী সাহসী যুৱতী অসুস্থতাত ভুগি হাস্পতালত শয্যাশায়ী হৈ আছে। আমি তেওঁৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ সংগ্ৰামলৈও আন্তৰিক শুভেচ্ছা জনাইছোঁ।

    Weather Forecast