• সন্মুখত দুৰ্গা পূজা : নতুন ক’ভিড বিধি জাৰি, জানক নতুন নীতি-নিৰ্দেশনাৰ সবিশেষ

    আঞ্চলিক
    সন্মুখত দুৰ্গা পূজা : নতুন ক’ভিড বিধি জাৰি, জানক নতুন নীতি-নিৰ্দেশনাৰ সবিশেষ

    গুৱাহাটী : আগন্তুক দুৰ্গোৎসৱৰ পূৰ্বে সালসলনি কৰা হৈছে ৰাজ্যৰ ক'ভিড বিধি৷ ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা কৰিছে। এতিয়াৰে পৰা নিশা ৯বজাৰ পৰিৱৰ্তে ১০ বজাৰ পৰা পাছদিনা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। নিশা ৮বজাৰ পৰিৱৰ্তে ৯ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠানসমূহ (হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰূম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি)৷






    মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ লগতে বিবাহ বাহৰত আয়োজিত বিয়াৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব। সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।






    ৰাজ্যৰ ধৰ্মীয় স্থানসমূহ বিশেষকৈ কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদিত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০গৰাকী লোকৰ প্ৰৱেশৰ অনুমতি প্ৰদান। আন ধৰ্মীয় স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০গৰাকী লোকৰ বাবে অনুমতি। দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ দিয়া হ'ব৷






    দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি দিয়ে। শিক্ষা বিভাগে ইতিমধ্যে পৃথকে এছঅ'পি জাৰি কৰিছে আৰু প্ৰয়োজন অনুসাৰে অতিৰিক্তভাৱে নিয়মাৱলী শিক্ষানুষ্ঠানসমূহলৈ পুনৰ আগবঢ়াব বুলিও জানিবলৈ দিয়ে। সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে নিজ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিষয়ে ৰাইজে দেখা পোৱাকৈ শিক্ষানুষ্ঠান চৌহদৰ সন্মুখ ভাগত বেনাৰ লগাই ৰাখিব লাগিব।