• সপোন সাৰ্থক, আকাশীযানত উঠিল নীৰজৰ পিতৃ-মাতৃ

    আঞ্চলিক
    সপোন সাৰ্থক, আকাশীযানত উঠিল নীৰজৰ পিতৃ-মাতৃ

    নতুন দিল্লী : অলিম্পিকত স্বৰ্ণপদক লাভৰ পাছতো সলনি হোৱা নাই এগৰাকী এথলীট। বিশ্বৰ মানসপটত জিলিকি উঠাৰ পাছত স্বকীয়তাক বিসৰ্জন নিদিয়াকৈ ৰখাটো কিছু কঠিন কাম যদিও মুঠেও অসম্ভৱ নহয়। শেহতীয়াকৈ এই কথা প্ৰমাণ কৰি দিছে অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাই। স্বৰ্ণজয়ৰ পাছতে সংবাদ শিৰোনাম দখল কৰি আহিছে নীৰজ প্ৰসংগই। বিগত সময়ত নীৰজ চোপ্ৰাক কেন্দ্ৰ কৰি নানা আলোচনা-পৰ্যালোচনাৰ অৱতাৰণা হৈছিল সৰ্বত্ৰে। সম্প্ৰতি পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে নীৰজ চোপ্ৰাই।





    নীৰজৰ নিষ্ঠা আৰু সততাত একপ্ৰকাৰ বিমুগ্ধ দেশবাসী। আন একাংশ পুত্ৰৰ দৰে নিজ পিতৃ-মাতৃক গৌৰৱান্বিত কৰিব বিচাৰে নীৰজে। শনিবাৰে টুইটাৰ পোষ্টত পিতৃ-মাতৃৰ সৈতে নীৰজে শ্বেয়াৰ কৰা ছবিখনত যেন তাৰেই প্ৰতিফলন ঘটিছিল। টুইটাৰ পোষ্টটোত নীৰজে লিখিছিল, ‘মোৰ সৰু সপোন এটা আজি সাৰ্থক হ'ল। কিয়নো আজি মই মোৰ পিতৃ-মাতৃক প্ৰথমবাৰৰ বাবে আকাশীযানেৰে লৈ যাবলৈ সক্ষম হৈছোঁ।’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নীৰজৰ টুইটাৰ পোষ্টটো। শেহতীয়াকৈ ভাৰতীয় এথলীটগৰাকীৰ সৰলতাই তেওঁলোকক অভিভূত কৰি তুলিছে বুলিও একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে।






    উল্লেখ্য যে, বিগত মাহত এটা ইনষ্টাগ্ৰাম পোষ্টত নীৰজে কিছু সময় আছুতীয়াকৈ থকাৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছিল। আনকি ২০২২ চনৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে পুনৰ উভতি আহিব বুলিও জনাইছিল। তেওঁ কৈছিল যে, ‘প্ৰথমতে, মই ট’কিঅ'ৰ পৰা উভতি অহাৰ পাছত পোৱা মৰম আৰু শুভেচ্ছাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সততাৰে সমগ্ৰ দেশ আৰু দেশৰ বাহিৰৰ নাগৰিকৰ পৰা লাভ কৰা সমৰ্থনৰ দ্বাৰা বিপুলভাৱে অণুপ্ৰাণিত হৈছোঁ।’ তেওঁ লগতে কয়, ‘ভ্ৰমণৰ ভৰপূৰ সময়সূচী আৰু ৰোগৰ বাবে মই ট’কিঅ'ৰ পৰা পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে, দলীয় কৰ্তৃপক্ষই ২০২১ চনত প্ৰতিযোগিতাৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। যাতে ২০২২ বৰ্ষপঞ্জীত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণৰ বাবে শক্তিশালী হৈ উভতি আহিব পাৰোঁ।’