• সমাজকৰ্মী-অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

    আঞ্চলিক
    সমাজকৰ্মী-অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

    হাজো: ৰামদিয়া অঞ্চলৰ সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ ডেকাৰ মৃত্যুত হাজোত শোকৰ ছাঁই বিৰাজ কৰিছে। হাজোৰ বৃহত্তৰ ৰামদিয়া দেৱদামোদৰ সংঘৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি , ৰামদিয়া জগদ্ধাত্ৰী পূজা পৰিচালনা সমিতিৰ সভাপতি, ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি আছিল তেওঁ৷





    ৰামদিয়াৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভাপতি তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যিকোনো অনুষ্ঠানত সক্ৰিয়তাৰে সহায় সহযোগ কৰিছিল তৰুণ ডেকাই। তেওঁ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বিচাৰক হিচাপেও আসন অলংকিত কৰিছিল। ৰামদিয়াৰ পাৰ্বতী সংগীত বিদ্যয়ালয়তো যথেষ্ট সহযোগ আছিল ডেকাৰ।





    জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তেওঁ সক্ৰিয় সদস্য আছিল৷ ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ সক্ৰিয় সদস্য আছিল। শিক্ষক তথা ৰামদিয়া অঞ্চলৰ বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত ৰামদিয়াবাসীৰ লগতে ৰামদিয়া আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোকপ্ৰকাশ কৰে আৰু তেওঁলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।