• সমুখ সমৰত ভাৰত-পাকিস্তান, টি-২০ বিশ্বকাপৰ গ্ৰুপসূচী ঘোষণা আইচিচি-ৰ

    আঞ্চলিক
    সমুখ সমৰত ভাৰত-পাকিস্তান,  টি-২০ বিশ্বকাপৰ গ্ৰুপসূচী ঘোষণা আইচিচি-ৰ

    নতুন দিল্লীঃ চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আইচিচি-এ গ্ৰুপসূচী প্ৰকাশ কৰিছে।‘ক’-শাখাত ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ আনহাতে ‘খ’-শাখাত ভাৰত,পাকিস্তান,নিউজিলেণ্ড আৰু আফগানিস্তানক অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে, দুয়োটা দলতে অতিৰিক্ত দুটাকৈ দল অন্তৰ্ভুক্ত কৰা হ’ব। টি-২০ বিশ্বকাপত খেলাৰ যোগ্যতা অৰ্জনৰ বাবে কোৱালিফায়াৰ খেলত বিজয়ী হ’ব লাগিব। দলৰ ৰেংকিঙৰ ওপৰত ভিত্তি কৰি কোৱালিফায়াৰ খেলৰ বাবেও আইচিচি-এ দুটাকৈ শাখা গঠন কৰিছে। কোৱালিফায়াৰৰ ‘ক’-শাখাত শ্ৰীলংকা, আয়াৰলেণ্ড, নেদাৰলেণ্ড আৰু নামীবিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আনহাতে ‘খ’-শাখাত আছে বাংলাদেশ, স্কটলেণ্ড, পাপুৱা নিউ গিনী আৰু ওমান।






    বিচিচিআই-ৰ দ্বাৰা আয়োজিত আইচিচি টি-২০ বিশ্বকাপ ১৭ অক্টোবৰৰ পৰা ১৪ নবেম্বৰলৈকে ওমান আৰু সংযুক্ত আৰৱত অনষ্ঠিত হ’ব। আইচিচি-ৰ মুখ্য কাৰ্যকৰী বিষয়া এলাৰ্ডিছে সদৰী কৰে যে, ‘আইচিচি বিশ্বকাপৰ সূচী ঘোষণা কৰিবলৈ পাই আমি সুখ অনুভৱ কৰিছো। শাখাসমূহত কেইখনমান আকৰ্ষণীয় খেল অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে। কৰ’না মহামাৰীৰ পাছত প্ৰথমবাৰলৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হ’বলৈ গৈ আছে।’
    উল্লেখ্য যে, আইচিচি টি-২০ বিশ্বকাপ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম, আবু ধাবীৰ শেখ জায়দ ষ্টেডিয়াম, ছাৰজাহ ষ্টেডিয়াম আৰু ওমান ক্ৰিকেট অকাডেমি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।