• সম্পূৰ্ণ হৈ উঠিল চৰকাৰী বৃদ্ধাশ্ৰম : উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে

    আঞ্চলিক
    সম্পূৰ্ণ হৈ উঠিল চৰকাৰী বৃদ্ধাশ্ৰম : উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে

    গুৱাহাটী : সম্পূৰ্ণ হৈ উঠিল সোণাপুৰত নিৰ্মাণ কৰা চৰকাৰী বৃদ্ধাশ্ৰম৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এশদিন পূৰ্তিত আজি মুকলি কৰা হ’ল বৃদ্ধাশ্ৰমখন৷ আবাস গৃহটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷





    বৃদ্ধাশ্ৰমৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ৷ বৃদ্ধাশ্ৰমত থাকিব প্ৰায় ৬০টা ছীট৷ এই আশ্ৰমলৈ মাডাৰ অল্ড এজ হোমৰ পৰা অনা হৈছে ৩০গৰাকী ককা-আইতাক৷ বৃদ্ধাশ্ৰমখন পৰিচালনাৰ দায়িত্বত থাকিব উৎপল আৰু মণিকা৷





    আনহাতে, বকো আৰু বামুণীগাঁৱতো নিৰ্মাণ হ’ব বৃদ্ধ, শিশুৰ বাবে আবাসগৃহ৷ ৬০ বিঘা মাটিত হ’ব অত্যাধুনিক আবাসগৃহ৷ ১০০ কোটি ধাৰ্য কৰা হৈছে বৃদ্ধ-শিশুৰ আবাসগৃহ নিৰ্মাণৰ বাবে৷