• সম্ভাৱনা! UAE-লৈ স্থানান্তৰ হব পাৰে আইপিএল-২০২১

    আঞ্চলিক
    সম্ভাৱনা! UAE-লৈ স্থানান্তৰ হব পাৰে আইপিএল-২০২১

    নতুন দিল্লীঃ ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে ১৪সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI-এ।ক'ভিড-১৯ৰ পৰা ৰেহাই পোৱাৰ লক্ষ্যৰে জৈৱ সুৰক্ষা বলয়েৰে আইপিএল অনুষ্ঠিত কৰা হৈছিল যদিও এখন ষ্টেডিয়ামৰ পৰা আনখন ষ্টেডিয়ামলৈ অহা যোৱা কৰোতে ক'ভিড-১৯ৰ সংক্ৰমণ হোৱাৰ কথা সদৰি কৰিছে কৰ্তৃপক্ষই।





    আৰু পঢ়িব পাৰিব : লকডাউনৰ দেশেই আগবাঢ়িছে দেশ! পুনৰ কোনে জনালে দাবী?





    কেবাগৰাকীও খেলুৱৈৰ দেহত কৰ'নাৰ সংক্ৰমণৰ বাবে এতিয়া প্ৰশ্ন উঠিছে যে,ভাৰতত জৈৱ সুৰক্ষা বলয়ক যিধৰণে গুৰুত্ব দিব লাগিছিল তেনেকৈ দিয়া হোৱা নাই নেকি?অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পাই আইপিএলৰ পৰা বিদায় লওঁতে ভাৰতৰ জৈৱ সুৰক্ষা বলয় সুৰক্ষিত নাছিল বুলি মন্তব্য কৰিছিল।তেওঁ কৈছিল,‘ভাৰতে জৈৱ সুৰক্ষা বলয়েৰে আইপিৰএল অনুষ্ঠিত কৰাৰ পাছতো সিমান সুৰক্ষিত অনুভৱ কৰা নাই যিমান ইউ এ ইত অনুষ্ঠিত ২০২০ আইপিএলত কৰিছিলোঁ।তাতোকৈ ২০২১ৰ আইপিএলো ইউ এ ইত অনুষ্ঠিত হোৱাই ভাল হ'লহেতেঁন।'





    আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ, অনাকাংক্ষিত অভিলেখ ডিব্ৰুগড় জিলাৰ





    এনে পৰিপ্ৰেক্ষিতত UAE-এ আইপিএল কিদৰ্ অনুষ্ঠিত কৰিছিল তাকে লৈ এতিয়া কৌতুহল জন্মিছে সকলোৰে।আইপিএলৰ পৰবৰ্তী খেলসমূহ UAE-লৈ স্থানান্তৰ কৰা হব নেকি তাকে লৈ চিন্তাচৰ্চা চলা দেখিবলৈ পোৱা গৈছে।আনকি এনে কি কাৰণ আছে যে চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া টিখ-20বিশ্বকাপো UAE-লৈ স্থানান্তৰ কৰাৰ প্ৰশ্ন উখাপন হৈছে।ইফালে ভাৰতৰ সাম্প্ৰতিক অৱস্থাক লৈ উদ্বিগ্ন আই চি চি।