• সহনশীল ভাৰতৰ ধৈৰ্যশীল প্ৰত্যুত্তৰ, উফৰিল ইংৰাজ

    আঞ্চলিক
    সহনশীল ভাৰতৰ ধৈৰ্যশীল প্ৰত্যুত্তৰ, উফৰিল ইংৰাজ

    অভেলঃ ভাৰতত ২০০ বছৰ, অভেলত ৫০ বছৰ; শাসন ইংৰাজৰ। দেশ হওক বা খেল, সদায় চাপত ৰখাৰ চেষ্টা। বৰ্ণবাদৰ পৰা শ্লেজিঙলৈ ২২ গজৰ যুঁজত পৰাক্ৰমী হোৱাৰ বৃথা চেষ্টা। ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত পিছ পৰা ভাৰতে দ্বিতীয় ইনিংছত দেখুৱালে দৃঢ়তা।





    শীৰ্ষ আৰু নিম্নক্ৰমৰ বেটিং বিক্ৰমৰ ফলশ্ৰুতিত ইংলেণ্ডৰ সন্মুখত ৩৬৮ ৰাণৰ লক্ষ্য বান্ধি দিলে। ভাৰতীয় বলাৰৰ ছুইং আৰু স্পীনত ইজনৰ পিছত সিজন ইংৰাজ বেটছমেন পেভিলিয়নমুখী। সুদীৰ্ঘ ৫০ বছৰৰ মূৰত অভেল জয় কৰিলে ভাৰতে। চতুৰ্থ টেষ্টত ১৫৭ ৰাণৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলাত ২-১ ৰ অগ্ৰগতি লাভ ভাৰতৰ।
    দ্বিতীয় ইনিংছত ভাৰতৰ হৈ উমেশ যাদৱে সৰ্বাধিক ৩টা উইকেট দখল কৰে। বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে শ্বাৰ্দুল ঠাকুৰে। দ্বিতীয় ইনিংছত ১২৭ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলা ৰোহিত শৰ্মাই লাভ কৰে ʼমেন অৱ দ্য  মেচʼৰ সন্মান।