Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
যোৰহাট : সকলোকে কন্দুৱাই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোৰহাটৰ বিশিষ্ট অভিনেত্ৰী শৰ্মিষ্ঠা বৰুৱাই৷ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে অভিনেত্ৰীগৰাকী৷ যোৰহাট ৰজাহাউলী গাঁৱৰ নিবাসী প্ৰয়াত ৰমেন্দ্ৰ নাথ বৰুৱাৰ জীয়ৰী এমেছাৰ থিয়েটাৰৰ এগৰাকী শিল্পী, অভিনেত্ৰী শৰ্মিষ্ঠা শৰ্মা বৰুৱাৰ নিজা বাসভৱনত পুৱা ৬.২৫ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ।
কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল অভিনেত্ৰীগৰাকী। শৰ্মিষ্ঠা শৰ্মা কেৱল যোৰহাটৰে নহয়, সমগ্র অসমৰে অপেছাদাৰী নাট্য জগতৰ এটি চিনাকি নাম। শৈশৱৰ পৰা নৃত্য আৰু অভিনয়েৰে দর্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা এইগৰাকী সুদক্ষ অভিনেত্ৰীয়ে অসমৰ ভালেকেইজন খ্যাতনামা শিল্পীৰ সৈতে অভিনয়ৰ লগতে নাট কৰ্মশালা,নাট পৰিচালনাৰে অসমীয়া নাট্যজগতক সমৃদ্ধ কৰিছিল।
এইগৰাকী শিল্পী বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, সদৌ বালিগাঁও মহিলা সমিতি, লেখিকা সমাৰোহ, শিশু চেমনীয়া চৰা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। বালিগাঁও নাট্য মন্দিৰ, লেখিকা সমাজ, ৰজাহাউলী পূজা সমিতি, চেমনীয়া চ’ৰা, সদৌ অসম ছাত্ৰ সন্থা, যোৰহাট ই-মিডিয়া, বালিগাঁও মহিলা সমিতি আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনায়। শৰ্মিষ্ঠা বৰুৱা অসমৰ বিখ্যাত তবলাবাদক ৰাজা বৰুৱাৰ ভগ্নী আছিল। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু এগৰাকী কন্যাক এই ইহ সংসাৰত এৰি গৈছে।
Leave A Comment