• সাতখন জিলা সম্পূৰ্ণ কন্টেইনমেন্ট জ'ন : কঠোৰ নতুন এছঅ'পি

    আঞ্চলিক
    সাতখন জিলা সম্পূৰ্ণ কন্টেইনমেন্ট জ'ন : কঠোৰ নতুন এছঅ'পি

    গুৱাহাটীঃ নতুন এছঅ’পি সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে। ৰাজ্যৰ সাতখন জিলাত সম্পূৰ্ণ লকডাউন ব্যৱস্থা বাহাল থাকিব বুলি ঘোষণা কৰে। গোৱালপাৰা, যোৰহাট, শোণিতপুৰ, গোলাঘাট, লখিমপুৰ, বিশ্বনাথ, মৰিগাঁৱত সাতদিনৰ বাবে লকডাউন।





    ১৬ খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্যআইন বলবৎ হৈ থাকিব। শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাকসা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং। ১





    ১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্যআইন বলবৎ হৈ থাকিব। ধুবুৰী, কামৰূপ(মহানগৰ), দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি।আন্তঃজিলা সেৱা বন্ধ থকাৰ লগতে বিদ্যালয়সমূহ বন্ধ থাকিব।





    তদুপৰি আগৰ দৰেই জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীনভাৱে চলি থাকিব। সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কামকাজ, চাহ বাগিচাৰ নিয়মীয়া কামকাজ ক'ভিড প্ৰট'কল অনুসৰণ কৰি চলি থাকিব। ৰাজ্যত এতিয়ালৈকে ৩৪,০০০ শিশু ক'ভিডত আক্ৰান্ত হৈছে৷