• সাধাৰণ জনতাৰ বাবে দুঃখবৰ! ভাড়া বৃদ্ধিৰ সিদ্ধান্ত

    আঞ্চলিক
    সাধাৰণ জনতাৰ বাবে দুঃখবৰ! ভাড়া বৃদ্ধিৰ সিদ্ধান্ত

    গুৱাহাটীঃ সাধাৰণ জনতাৰ বাবে আহি আছে এক দুঃখবৰ! আন্তঃজিলা যাতায়াত খোলাৰ পাছতে আন এক মাধমাৰ সোধাব জনতাক। ‘সদৌ অসম মটৰ পৰিবহণ সন্থা’ই ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    ৫০ শতাংশ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সন্থাটোৱে। নিজাববীয়াকৈ কাৰ্যকৰী কৰিব এই সিদ্ধান্ত। দেওবাৰে তেজপুৰত অনুষ্ঠিত জৰুৰী সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰক ৰোড টেক্স প্ৰত্যাহাৰ কৰাৰ দাবী সন্থাটোৰ। গাড়ীৰ বিমাৰ সময়-সীমা বৃদ্ধিৰো দাবী সন্থাটিৰ।

    ভাড়া বৃদ্ধিৰ সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী সাধাৰণ জনতাৰ।