• সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ

    আঞ্চলিক
    সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ

    গুৱাহাটী : ৰাজ্যত সান্ধ্য আইনৰ মাজতে মহানগৰীত বুধবাৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। উলুবাৰীস্থিত ডিজিপি কাৰ্যালয়ৰ কাষতে থকা এছবিআইৰ এটিএম ভাঙিলে দুৰ্বৃত্তই।





    আৰু পঢ়িব পাৰিব : ক’ভিড বিধি ভংগ কৰি আইনৰ ৰোষত অভিনেতা জিমী শ্বেৰগিল





    অৱশ্যে, এটিএম ভাঙি থকা অৱস্থাতে দুৰ্বৃত্তক হাতে-লোটে ধৰা পেলায় মহানগৰ আৰক্ষীয়ে। পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এটিএম চোৰ কুলদীপ নাথক। লগতে এটিএম ভঙা কাণ্ডত জড়িত থকাৰ সন্দেহত আন দুজনকো আটক কৰিছে পল্টনবজাৰ আৰক্ষীয়ে।





    আৰু পঢ়িব পাৰিব : চৰকাৰৰ কঠোৰ নীতিৰ পাছতো কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত





    তদুপৰি, AS01-AU-2600 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰিছে আৰক্ষীয়ে। বাহনখনৰ ভিতৰত এটা মোবাইল ফোন আৰু চুৰিকাণ্ডত ব্যৱহৃত সা-সৰঞ্জামৰ লগতে কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।