স্বাস্থ্য
নলবাৰী : বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ খুৱাইছে একাংশ পানীৰ কোম্পানীয়ে৷ এই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে নলবাৰীত সংঘটিত এক ঘটনাৰ জৰিয়তে৷ নলবাৰীৰ ইউনিক স্প্ৰিঙ নামৰ পানীৰ কোম্পানীৰ বটলত দেখিবলৈ পোৱা গৈছে বৰবিহ।
শেহতীয়া ভাৱে নলবাৰীৰ ভিন্ন প্ৰান্তত উক্ত পানী কোম্পানীৰ বটলত ওলাইছে ভেকুৰ জাতীয় সামগ্ৰী। পুনৰ আজি নলবাৰীৰ বালিলেচাৰ এখন দোকানত ওলাইছে ইউনিক স্প্ৰিঙপানী বটলত ভেকুৰ।যাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।বিশুদ্ধ খোৱা পানীৰ নামত কোম্পানীটোৱে জনসাধৰণক বৰবিহ খুওৱা বিষয়টো কেতিয়ালৈ চকুত পৰিব সংশ্লিষ্ট বিভাগৰ।নলবাৰীত কাঠফুলাৰ দৰে গজি উঠিছে খোৱা পানীৰ উদ্যোগ৷ খোৱা পানীৰ উদ্যোগত চকু দিবলৈ আহ্বান প্ৰশাসনক৷
Leave A Comment