Sports
হেডিংলিঃ হেৰুৱা ছন্দৰ আঁত বিচাৰি পাইছে ভাৰতে। হেডিংলিত কোহলী বাহিনীৰ ৰোমাঞ্চকৰ প্ৰত্যাৱৰ্তন। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ তৃতীয় দিনৰ শেষত কিছু পৰিমাণে স্বস্তিৰ নিশ্বাস পেলাইছে ভাৰতীয় দলটোৱে। কঠিন পৰিস্থিতিৰ পৰা সামান্য পৰিমাণে হ’লেও ভাৰতীয় বেটিং ব্ৰিগেডে নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তৃতীয় দিনৰ শেষত ২টা উইকেট হেৰুৱাই ২১৫ৰান কৰিবলৈ সক্ষম হৈছে ভাৰতে।
লৰ্ডছ টেষ্টৰ চেঞ্চুৰিয়ান কে এল ৰাহুলে আৰম্ভণিতে আউট হোৱাৰ পাছত বিকল্প ৰণকৌশলত অৱতীৰ্ণ হয় ভাৰত। অধিনায়ক বিৰাট কোহলীয়ে অপৰাজিত ৪৫ আৰু চেটেশ্বৰ পূজাৰাৰ ৯১ৰানে সাময়িক সকাহ দিছে ভাৰতীয় দলটোক। প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনৰ অনাকাংক্ষিত ব্যৰ্থতাৰ পাছত অতি সংযমেৰে ইংলেণ্ডে বান্ধি দিয়া ৩৪৫ৰানৰ চোঁচা লৈছে ভাৰতে। সম্প্ৰতি ১৩৯ৰানত পিছপৰি আছে ভাৰত। সৰ্বোপৰি, তৃতীয় উইকেটৰ বাবে ৯৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছে পূজাৰা-কোহলীয়ে। আজি চতুৰ্থ দিনা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে কিমান তৰিৎগতিৰে আগবাঢ়িব পাৰে তাকে অধীৰ অপেক্ষাৰ বাট চাইছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে।
Leave A Comment