• সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক তোষপ্ৰভা কলিতাৰ পৰলোক প্ৰাপ্তি

    আঞ্চলিক
    সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক তোষপ্ৰভা কলিতাৰ পৰলোক প্ৰাপ্তি

    ডিজিটেল ডেস্কঃ এক দুঃসংবাদ৷বিশিষ্ট শিশু সাহিত্যিক তোষপ্ৰভা কলিতা আৰু নাই। সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যিক তোষপ্ৰভা কলিতাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৩ বছৰ। শিশু সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা তোষপ্ৰভা কলিতাই অনুবাদক হিচাপেও বহু কাম কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে৷









    ১ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াত থকা নিজা বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে। ২০১৩ চনত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাৰে সন্মানিত হৈছিল তোষপ্ৰভা কলিতা।