International
ডিজিটেল ডেস্ক: সমাগত দুৰ্গাপূজা , সাৱধান হওক আপুনি! ৰাঙলী হ'ব পাৰে এইবাৰৰ দুৰ্গাপূজা ৷ কৰ’নাৰ বাবে পূজাত সীমাবদ্ধতা আছে যদিও কমা নাই উসাহ-উদ্দীপনা৷ কিন্তু এনে সময়তে এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ এইবাৰৰ দুৰ্গাপূজাক ৰাঙলী কৰাৰ পণ লৈছিল এগৰাকী ব্যক্তিয়ে৷ পূজাৰ উৎসাহ-উদ্দীপনাক চকু লোটকলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল ব্যক্তিগৰাকীয়ে৷ ইতিমধ্যে গুৱাহাটীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সমাগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ব্যক্তিজন হৈছে কাদেম আলী।
সন্দেহ অনুসৰি, কামদেম আলীৰ আছে বহু জেহাদী সংগঠনৰ সম্পৰ্ক! ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰী ৰহিম বাদশ্বাহ আৰু আইনুল আলীক৷ তেওঁলোকৰ পৰা ১৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ জিলেটিন ষ্টিক, ডিটেনেটৰ জব্দ কৰিছে আৰক্ষীয়ে৷ আইএছবিটিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে, মেঘালয়ৰ পৰা AS15AC4867. নম্বৰৰ বলেৰঅ’ পিকাআপ বাহনেৰে সৰবৰাহ কৰিছিল সামগ্ৰীখিনি!
ইপিনে শ্বিলঙৰ পৰা ৰাণীলৈ সৰবৰাহ কৰিছিল বিস্ফোৰক সামগ্ৰীসমূহ। ইয়াৰে মূল সৰবৰাহকাৰী হৈছে কাদেম আলী। ছয়গাঁও গৰৈমাৰীৰ নিবাসী কাদেম বহু জেহাদী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহ৷ ইপিনে কাদেমৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে৷ পৰৱৰ্তী সময়তহে অধিক তথ্য পোহৰলৈ আহিব বুলি আশাবাদী আৰক্ষী-প্ৰশাসন৷
Leave A Comment