Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
গুৱাহাটী : জেম জেম ফুড ডেলিভাৰী ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী সুনীলৰ প্ৰাণ গ’ল ছুইগী ডেলিভাৰী বয়ৰ হাতত। খবৰ অনুসৰি খাদ্যৰ যোগানত বিলম্ব হোৱাৰ হেতুকে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আৰু পলাতক ছুইগী ডেলিভাৰী বয়ৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতৰ পৰিণতিতে ডেলিভাৰী বয় গৰাকীয়ে সুনীলক গুলীয়াই নিহত কৰে।
আৰক্ষী সূত্ৰত প্ৰকাশ, যোৱা বুধবাৰে দিনৰ ১২ বাজি ১৫ মিনিটত ছুইগী ডেলিভাৰী বয়গৰাকীয়ে গ্ৰেটাৰ নয়ডাৰ মিত্ৰা চ’ছাইটিস্থিত ৰেষ্টুৰেণ্ট খনলৈ আহে। তেওঁ বিৰিয়ানি আৰু পুৰী-তৰকাৰীৰ অৰ্ডাৰ সংগ্ৰহ কৰিবলৈ আহিছিল। কিন্তু জেম জেমৰ কৰ্মচাৰীয়ে জনায় যে সেই সময়ত বিৰিয়ানি যোগান সম্ভৱ হ’লেও লগে লগেই পুৰী-তৰকাৰী যোগান ধৰা সম্ভৱ নহ’ব। তাতেই খঙ উঠে ডেলিভাৰী বয়ৰ। কাজিয়া হয় কৰ্মচাৰীজনৰ সৈতে। তেতিয়াই দুয়োৰে মাজত মধ্যস্থতা কৰিবলৈ আগুৱাই আহে স্বত্বাধিকাৰী সুনীল।
কিন্তু কোনে জানিছিল যে ডেলিভাৰী বয়ে হাতত লৈ ফুৰিছে পিষ্টল!সুনীলেও জনা নাছিল। ফলত মধ্যস্থতা কৰিবলৈ যোৱাটোৱেই কাল হ’ল তেওঁৰ বাবে। অতৰ্কিতে ডেলিভাৰী বয়জনে চলোৱা গুলীত থিতাতে প্ৰাণ হেৰুৱায় সুনীলে। ঘটনা সন্দৰ্ভত এতিয়া দিল্লী আৰক্ষীয়ে তদন্ত চলাই আছে। বাতৰি লিখাৰ পৰলৈকে পলাতক অৱস্থাত আছে হত্যাকাৰী।
Leave A Comment