National
গুৱাহাটী : সীমান্তৰ ঘটনাক লৈ অসমত ৩ দিনীয়া শোকপালন কাৰ্যসূচী৷ ৩ দিনৰ বাবে অৰ্ধনমিত থাকিব ৰাষ্ট্রীয় পতাকা৷ মিজোৰাম সীমান্তত নিহত হৈছে ৬ জন জোৱান৷ আনহাতে মিজোৰ গুলীত নিহত হৈছে এজন সাধাৰণ লোক৷ ইতিমধ্যেই হাস্পতালত মৃত্যুৰ সৈতে যুঁজিছে কেইবাজনো লোকে৷ যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৩ দিনলৈ অসমত ‘শোক দিৱস’ হিচাপে পালন কৰা হ'ব৷
আজি অগ্নিগৰ্ভা সীমান্তৰ বুজ ল’বলৈ শিলচৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ ৫ জন ছহিদ জোৱানলৈ মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শিলচৰ মেডিকেল কলেজ হাস্পতালতো উপস্থিত হয় তেওঁ৷ চিকিৎসাধীন আহতসকলৰ অৱস্থাৰ বুজ ল’লে শৰ্মাই৷ ইপিনে ৫১ জন লোক চিকিৎসাধীন হৈ আছে হাস্পতালখনত৷ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত৷ শিলচৰৰ আৱৰ্ত ভৱনত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী৷
আনহাতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিপৰীত মন্তব্য৷ কেন্দ্ৰৰ মতে, অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰিলে বিবৃতি৷ সংঘৰ্ষৰ এদিন পাছত এই বিবৃতি গৃহমন্ত্ৰালয়ৰ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে চিআৰপিএফ বাহিনী।
Leave A Comment