• সুখবৰ! সদ্যহতে কাগজ কলৰ কৰ্মচাৰীয়ে খালী কৰিব নালাগে আৱাসগৃহ

    আঞ্চলিক
    সুখবৰ! সদ্যহতে কাগজ কলৰ কৰ্মচাৰীয়ে খালী কৰিব নালাগে আৱাসগৃহ

    গুৱাহাটীঃ কাগজ কলৰ কৰ্মচাৰীসকললৈ চৰকাৰে বাসগৃহ খালীৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল। এই ঘটনাৰ পাছতে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰে বৈঠক সম্পন্ন হয়। বৈঠকত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুষ হাজৰিকা। ‘বৈঠকখন ইতিবাচক’-বুলি মন্তব্য কৰে কৰ্মচাৰী পৰিষদে। প্ৰায় সকলো দাবী চৰকাৰে মানি লৈছে বুলিও উল্লেখ কৰে। সদ্যহতে কৰ্মচাৰীয়ে খালী কৰিব নালাগে আৱাসগৃহসমূহ। আলোচনা সৌহাদ্যপূৰ্ণ বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ‘পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী পৰ্যায়ত হ’ব বৈঠক’। ‘মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব ভাল খবৰ’ বুলিও মন্ত্ৰী দুগৰাকীয়ে জনায়।