North East
গুৱাহাটীঃ তীৰ্থযাত্ৰীসকলৰ বাবে ভাৰতীয় ৰে’ল কেটাৰিং আৰু পৰ্যটন নিগমে বিশেষ ৰে’ল মুকলি কৰিছে। আগৰতলাৰ পৰা গোৱালৈ ভ্ৰমণ কৰিব পাৰিব এই বিশেষ ৰে’লেৰে। ৩০ ছেপ্টেম্বৰৰ পৰা ১১ অক্টোবৰলৈ চলিব এই ৰে’লসেৱা। উত্তৰ-পূবৰ পৰা গোৱালৈ ভ্ৰমণ কৰা এইখনেই হ’ব প্ৰথম ৰে’ল।
১২ দিনৰ বাবে যাত্ৰা কৰিব এই বিশেষ ৰে’লখনে। যাত্ৰীৰ সুবিধাৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত আসনৰ ব্যৱস্থা কৰা হৈছে। খাদ্য-সামগ্ৰীকে ধৰি শ্লীপাৰ ক্লাছৰ মূল্য ১১,৩৪০ টকা আৰু এচি ক্লাছৰ বাবে ১৮,৯০০ টকা ধাৰ্য কৰা হৈছে। ক’ভিডৰ বাবে মুঠ ৭০০ তীৰ্থযাত্ৰীহে যাব পাৰিব এই বিশেষ ৰে’লখনত।
অনলাইনৰ লগতে অফলাইনতো আগ্ৰহী লোকে টিকট কাটিব পাৰিব। পৰিদৰ্শন কৰিব পৰা স্হানসমূহ দোনা পাওলা, কালানগুট, বাঘা বীচ্চ, মীৰামাৰ বীচ্চ, মাদগাঁও মাৰ্কেট ইত্যাদি। গোৱাত ৪নিশা কটাব পাৰিব তীৰ্থযাত্ৰীসকলে।
Leave A Comment