• সুখবৰ : দাদা চাহেব ফাল্কে ছবি মহোৎসৱত বিশেষ সন্মান অসমৰ চুটি ছবি 'মঙহ দহাৰ গোন্ধ'লৈ

    আঞ্চলিক
    সুখবৰ : দাদা চাহেব ফাল্কে ছবি মহোৎসৱত বিশেষ সন্মান অসমৰ চুটি ছবি 'মঙহ দহাৰ গোন্ধ'লৈ

    গুৱাহাটী : ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমবাসীলৈ সুখবৰ। ১১ সংখ্যক দাদা চাহেব ফাল্কে ছবি মহোৎসৱত সন্মান বুটলিবলৈ সক্ষম অসমৰ চুটি ছবি 'মঙহ দহাৰ গোন্ধ’-এ। উদীয়মান ছবি নিৰ্মাতা মৃণাল ডেকাৰ প্ৰথমখন চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’লৈ ১১ সংখ্যক দাদাচেহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ বিশেষ বঁটা আগবঢ়াইছে।





    আৰু পঢ়িব পাৰিব : দিল্লীত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু অসমীয়া চিকিৎসকৰ





    ধুন্দিৰাজ গোবিন্দ ফাল্কেৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ২০২১ বৰ্ষৰ ১১ সংখ্যক দাদাচেহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ। দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ পূৰ্বতে নিৰ্বাচিত হৈছিল উদীয়মান ছবি নিৰ্মাতা মৃণাল ডেকাৰ প্ৰথমখন চুটি ছবি 'মঙহ দহাৰ গোন্ধ'। তাৰ পাছতে ৩০ এপ্ৰিল শুকুৰবাৰে ছবিখন মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে মহোৎসৱৰ বিশেষ বঁটাও লাভ কৰে। বঁটা ঘোষণাৰ পাছতে স্বভাৱিকতে সুখী পৰিচালকগৰাকী। ২০২০ বৰ্ষতে ছুটিং সম্পন্ন কৰি ছবি মহোৎসৱলৈ প্ৰেৰণ কৰিছিল পৰিচালক ডেকাই।





    আৰু পঢ়িব পাৰিব : অসাধাৰণ ঘটনা : এখন বিমানে মাত্ৰ এজন যাত্ৰীলৈ উৰা মাৰে ৪,০০০ কিলোমিটাৰ





    'মঙহ দহাৰ গোন্ধ'ত এগৰাকী মাতৃৰ জীৱন সংগ্ৰামক উপস্থাপিত কৰিছে নিৰ্মাতা মৃণাল ডেকাই। ‘আৰতি ৰীল’ৰ বেনাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে প্ৰণামী বৰা, শিশু অভিনেতা আদভিক পি গগৈ, আদ্ৰিতি পি গগৈ, তপন ডেকা আৰু বাদল আৰ্যই। উল্লেখ্য যে, শেহতীয়াকৈ হৈ যোৱা গুৱাহাটী ছবি মহোৎসৱত মৃণাল ডেকাৰ 'মঙহ দহাৰ গোন্ধ'ই শ্ৰেষ্ঠ চুটি ছবি শিতানত তৃতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷