Regional
গুৱাহাটী : স্বাস্থ্য বিভাগৰ হাতত ক'ভিড প্ৰতিষেধক মজুত থকা তথা প্ৰদান কৰা সন্দৰ্ভত মত প্ৰকাশ কৰিছে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই৷ ১৮ৰ ঊৰ্ধ্বৰ লোকৰ বাবে ভেকচিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী প্রেছ ক্লাবত দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে৷ ৭ মে’ৰ পাছত সকলো লোকৰ বাবে প্ৰতিষেধক মুকলি কৰি দিয়াটো সম্ভৱ হ'ব বুলি প্ৰকাশ কৰি তেওঁ বৰ্তমান ১৮ পৰা ৪৫ বছৰ বয়সৰ লোকক দিবলৈ এক লাখ ৫০ হাজাৰ ভেকচিন আছে বুলি জানিবলৈ দিয়ে৷
আৰু পঢ়িব পাৰিব : পিতৃৰ জলন্ত চিতাৰ ওপৰতে জঁপিয়াই পৰিল এগৰাকী কন্যা…
ক'ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ, ৮০ পৰা ৯০ শতাংশ লোকৰ আৰোগ্যও হোৱাৰ তথ্যও সদৰি কৰে বৈশ্যই৷ হোম আইচলেচনত থাকিলে অক্সিজেনৰ পৰিমাণ কমিলে হাস্পতাললৈ আহিব লাগে বুলি মন্তব্য কৰি সময়ত নহাৰ বাবে বহু লোকৰ মৃত্যু হৈছে বুলি অধ্যক্ষগৰাকীয়ে কয়৷
যিসকল লোকৰ বয়স ৫৫ পাৰ হৈছে আৰু অক্সিজেনৰ পৰিমাণ ৯৪ পৰা ৯৫ৰ তললৈ গৈছে সেই সকলোৱে চিকিৎসালয়লৈ যাব লাগে বুলি তেওঁ মন্তব্য কৰে। আনহাতে যিসকল ক'ভিড ৰোগীৰ অক্সিজেনৰ পৰিমাণ ৯৪, ৯৫ তললৈ নামি যায় সেই লোকক অতিশীঘ্রেই অক্সিজেন দিয়াৰ প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে৷
আৰু পঢ়িব পাৰিব : ৰাজ্যত ড্ৰাগছৰ ব্যাপক বেহা, আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী
এই ৰোগৰ বিশেষ লক্ষণ হিচাপে তেওঁ শ্বাস-প্ৰশ্বাসৰ সমস্যা, ডায়েৰীয়া, কাহ আদি হোৱাৰ কথা উল্লেখ কৰে৷ তেওঁ লগতে সদৰি কৰে যে, জিএমচিএইচত প্ৰায় ৬৫০জন ৰোগী থকাৰ লগতে, কালাপাহাৰত ১৪০জন আৰু এমএমচিএইচত ২২০গৰাকী ৰোগী আছে৷ অতিশীঘ্রেই পুনৰ জিএমচিএইচত ২০০খন বিছনাৰ লগতে আইচিইউৰ বিছনা সাজু কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে৷
Leave A Comment