• সুখৱৰ : টাইকোৱানডোত স্বৰ্ণ পদক জয়েৰ অসমলৈ গৌৰৱ কঢ়িয়ালে মুগ্ধাই

    আঞ্চলিক
    সুখৱৰ : টাইকোৱানডোত স্বৰ্ণ পদক জয়েৰ অসমলৈ গৌৰৱ কঢ়িয়ালে মুগ্ধাই

    নতুন দিল্লী : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসম। দিল্লীত বিজয়ৰ ধ্বজা উৰুৱালে ১২ বছৰীয়া কিশোৰী অসমৰ মুগ্ধা দাসে। ৰাষ্ট্ৰীয় টাইকোৱানডোত স্বৰ্ণ পদক জয় মহানগৰীৰ নুনমাটিৰ মুগ্ধা দাসৰ।





    ১৮ ছেপ্টেম্বৰৰ পৰা দিল্লীৰ পিতামপুৰাত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত সাফল্য অসমৰ খেলুৱৈৰ।অসম দলৰ টাইকোৱানডো শাখাত শ্ৰেষ্ঠ দলৰ সন্মান অর্জনৰে ট্ৰফী লাভ কৰে। ২৮ কেজিৰ ছাব জুনিয়ৰ শাখাত অসমৰ মুগ্ধা দাসে লাভ কৰে সোণৰ পদক।





    গুৱাহাটীৰ নুনমাটিৰ নিবাসী গোৱালপাৰা সৈনিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মুগ্ধা। নুনমাটি বিষ্ণুৰাভা নগৰ নিবাসী মুগ্ধা দাস পিতৃ সাংবাদিক জয়ন্ত দাস আৰু জিলি দাসৰ জ্যেষ্ঠ কন্যা। ইয়াৰ পূৰ্বে বিগত বৰ্ষত মুগ্ধা দাসে অসম আৰু কামৰূপ জিলা ভিত্তিত টাইকোৱানডো প্ৰতিযোগিতাত স্বৰ্ণ
    পদক লাভ কৰিবলৈ সক্ষম হৈছিল। স্বৰ্ণ পদক জয় কৰি বৃহস্পতিবাৰে দিল্লীৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হল অসম দলটো। দলটোক আদৰিবলৈ কামাখ্যা ষ্টেচনত উপস্থিত হয় বহু দল ,সংগঠন আৰু শুভাকাংশী।