• সুলভ মূল্যৰ চাউল ক’লা বজাৰত উপলব্ধ! জব্দ চাউলভৰ্তি ২ নাও

    আঞ্চলিক
    সুলভ মূল্যৰ চাউল ক’লা বজাৰত উপলব্ধ! জব্দ চাউলভৰ্তি ২ নাও

    নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰ-অঞ্চলত চাউলৰ ক’লা বজাৰ! একাংশ সুলভ মূল্যৰ দোকানীয়ে বজাৰত চাউল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে নিশা প্ৰায় ১০ বজাত বৰক্ষেত্ৰীৰ চৰ-অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি সুলভ মূল্যৰ দোকানৰ চাউল ক’লা বজাৰত বিক্ৰী কৰিবলৈ নাৱেৰে গৈ থকা অৱস্থাত কুৰিহামাৰীৰ ‘বৰচুলিয়া আঞ্চলিক আমছু’, ‘ৰাইনো ক্লাব’ আৰু ‘বৰক্ষেত্ৰী চৰ উন্নয়ন পৰিষদ’ নামৰ ক্লাবৰ লগতে স্থানীয় ৰাইজৰ সহযোগত চাউলভৰ্তি দুখন নাও জব্দ কৰা হয়। জব্দ কৰা চাউলভৰ্তি নাও দুখনৰ মালিক হৈছে ক্ৰমে মাণিক আৰু জুলহাছ। নাৱৰীয়া মাণিকে চাউলখিনি জব্দ কৰাৰ লগে লগে পলাই যাবলৈ সক্ষম হয়। নাৱৰীয়া দুজনে ইতিমধ্যে পাঁচবাৰ এনেদৰে চাউল কঢ়িওৱা ভাড়া মাৰিছে বুলি অন্য এজন নাৱৰীয়া জুলহাছ আলীয়ে জানিবলৈ দিয়ে।





    প্ৰতিটো ভাড়াত পাঁচ হাজাৰকৈ টকা লাভ কৰে বুলি নাৱৰীয়াজনে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। নাৱৰীয়াগৰাকীৰ ভাষ্য অনুসৰি, চাউলখিনি হৈছে কুৰিহামাৰী বৰচুলিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সূলভ মূল্যৰ দোকানী খালেক আলী আৰু একাব্বৰ আলীৰ। নাৱৰীয়া মাণিক হৈছে সূলভ মূল্যৰ দোকানী একাব্বৰৰ আৰু গাঁওবুঢ়া জাকিৰ হুছেইনৰ ভিনিয়েক। এনেদৰে বহুদিনৰ পৰাই চলাই গৈছে বগা চাউলৰ ৰমৰমীয়া বেহা কিন্তু শিয়ালমাৰী আৰক্ষী প্ৰশাসনৰ লগতে গাঁওৰক্ষী বাহিনী আৰু নলবাৰী জিলা প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰক্ষেত্ৰী চৰ-অঞ্চলৰ প্ৰতিখন সুলভ মূল্যৰ দোকানীয়ে এনেদৰে দুখীয়া ৰাইজক বঞ্চিত কৰি চৰকাৰী চাউল বিক্ৰী কৰিছে ক’লা বজাৰত। সমবায়ৰ পৰা চাউলখিনি পোনে পোনে নাওভৰ্তি কৰি কামৰূপ(গ্ৰাম্য)জিলাৰ বিজয়নগৰলৈ বিক্ৰী কৰাৰ উদ্দেশ্যে নিব বিচাৰিছিল তেওঁলোকে। যিটো সময়ত কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বাবে চৰকাৰে লকডাউন দিবলগীয়া হৈছে।





    তাৰ ফলত সাধাৰণ দুখীয়া পৰিয়ালে আৰ্থিকভাৱে দুৰ্বল হোৱাৰ লগতে খাদ্যসংকটত ভুগিবলগীয়া হৈছে, সেই সময়তে চৰকাৰে দিয়া চাউল ৰাইজক দিয়াৰ পৰিৱৰ্তে ক’লা বজাৰত বিক্ৰী কৰি আছে একাংশ সূলভ মূল্যৰ দোকানীয়ে। ‘এনেদৰে বহুবাৰ একাংশ সূলভ মূল্যৰ দোকানী আৰু একাংশ বেপাৰীয়ে চাউল বিক্ৰী কৰাৰ সময়ত আৰক্ষীৰ জালত পৰিছে যদিও ৰাজনৈতিক ক্ষমতা আৰু ধনৰ বলেৰে সাৰি যায়!’- বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে। সূলভ মূল্যৰ দোকানী একাব্বৰ আলী হৈছে কুৰিহামাৰ-বৰচুলিয়া গাঁৱৰ গাঁওবুঢ়া জাকিৰ হুছেইনৰ খুড়াকৰ পুত্ৰ অৰ্থাৎ গাঁওবুঢ়া জাকিৰ হুছেইনৰ লগত সূলভ মূল্যৰ দোকানী একাব্বৰৰ সম্পৰ্ক হৈছে ভাই-ককাইৰ। উক্ত নাও দুখনত মুঠ ২৫০ বস্তা চাউল জব্দ কৰা হৈছে। স্থানীয় ৰাইজৰ লগতে স্থানীয় আমছু আৰু ক্লাবৰ-বিষয়ববীয়াসকলে ঘটনা সন্দৰ্ভত স্থানীয় শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মজনুৰ আহমেদক খবৰ দিয়ে।





    খবৰ দিয়াৰ পাছতে শিয়ালমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় আৰু চাউলখিনি জব্দ কৰে। বৰ্তমান চাউলখিনি শিয়ালমাৰী আৰক্ষীৰ জিম্মাতে আছে। শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মেনেজ কৰিবলৈ একাংশ ৰাজনৈতিক নেতা আৰু সূলভমূল্যৰ দোকানীয়ে যোগাযোগ অব্যাহত ৰাখিছে বুলি গোপনৰ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে! এতিয়া প্ৰশ্ন হয়, শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সঠিকৰূপে তদন্ত কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবনে? নে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মেনেজ কৰিবলৈ সক্ষম হ’ব চক্ৰটোৱে? ইফালে, শিয়ালমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে নিশাৰ আন্ধাৰত নিজৰ এলেকাৰ সীমাই পাহৰি গ’ল, ফলত বৰক্ষেত্ৰীৰ কুৰিহামাৰী বৰচুলিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাইক পলাশবাৰী থানাৰ অঞ্চল বুলি মন্তব্য কৰিলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত।





    এতিয়া প্ৰশ্ন হয় নিশাৰ অন্ধকাৰৰ বাবেনে, নে দোষীক মুক্তি দিয়াৰ উদ্দেশ্যে এনেদৰে মন্তব্য কৰিলে শিয়ালমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মজনুৰ আহমেদে? সময়তহে সেয়া স্পষ্ট হৈ পৰিব! শিয়ালমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই চাউল কেলেংকাৰিৰ সৈতে জড়িত সূলভ মূল্যৰ দোকানীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় হ’ব। দুখীয়াৰ আহাৰ আত্মসাৎ কৰা সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞা-পত্ৰ বাতিল কৰাৰ লগতে আইনীভাৱে শাস্তি প্ৰদান কৰিবলৈ নলবাৰী জিলা প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে কুৰিহামাৰী বৰচুলিয়া আঞ্চলিক আমছুৰ লগতে স্থানীয় সচেতন মহলে।


    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola