Regional
গুৱাহাটী : সুৰা বিক্ৰীত অভিলেখ গঢ়িলে গুৱাহাটী মহানগৰীত৷ অনলাইন সুৰাৰ প্ৰতি আগ্ৰহ নাই গ্ৰাহকৰ ৷ ক'ভিড সান্ধ্য আইনৰ মাজতো বিগত চাৰি মাহত কেৱল কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা অফলাইন সুৰা বিক্ৰী কৰি ১২৩ কোটি ৪ লাখ ৯৩ হাজাৰ ১৮৯ টকা কৰ সংগ্ৰহ কৰিছে আবকাৰী বিভাগে । কিন্তু অনলাইন হোম ডেলিভাৰি সেৱা আৰম্ভ হোৱাৰ প্ৰায় ২৪ দিনৰ পাছতো সন্তোষজনক নহয় গ্ৰাহকৰ সঁহাৰি ।
অনলাইন যোগে মাত্র ১৩৭ টা অৰ্ডাৰ হে লাভ কৰিছে৷ অনলাইন পেমেন্ট নকৰা বাবে পেনডিং আছে ২৩৮ টা সুৰাৰ অৰ্ডাৰ৷ এই কথা প্ৰাগ নিউজক জনালে কামৰূপৰ আবকাৰী অধিক্ষক মানবী দাসে । গুৱাহাটীৰ ৭০ খনকৈ সুৰা বিপণীয়ে অনলাইন সুৰা ডেলিভাৰিৰ বাবে আবকাৰী বিভাগৰ ওচৰত ৰেজিষ্টেচন কৰিছিল । তথাপিও পঞ্জীয়নকৃত একাংশ বিপণিৰ স্থবিৰ সেৱা৷ সুৰা ডেলিভাৰিৰ বাবে আগ্ৰহী নহয় কৰ্মচাৰী ৷
যাৰ বাবে বিপাঙত পৰিছে সুৰা বিপণিসমূহ । সুৰা ব্যৱসায়ীৰ লগত জড়িত একাংশৰ মতে শংকিত ডেলিভাৰি বয়৷ অৰ্ডাৰ কৰিলেও গ্ৰাহকক সুৰা দিবলৈ যাবলৈ ভয় কৰে ডেলিভাৰি বয়ে । ওড়িশা, ছত্তিশগড়, দিল্লী, কৰ্ণাটক, কেৰালা আদি ৰাজ্যত অনলাইন সুৰা বিক্ৰী প্ৰক্ৰিয়া সফল হৈছে । কিন্তু অসমত এই প্ৰক্ৰিয়া প্ৰায় বিফল হৈছে। অসমত এতিয়াও গঢ়ি উঠা নাই নেকি পৰিবেশ ৷
Leave A Comment