• সু-খবৰঃ প্ৰতিষেধক প্ৰদানত অভিলেখ গঢ়িলে অসমে...

    আঞ্চলিক
    সু-খবৰঃ প্ৰতিষেধক প্ৰদানত অভিলেখ গঢ়িলে অসমে...

    ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ববাসীয়ে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে আজিও যুঁজি আছে৷ অৱশ্যে পূৰ্বৰ তুলনাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ক’ভিডৰ বিৰুদ্ধে যুঁজখন এতিয়াও শেষ হোৱা নাই৷ প্ৰতিষেধক উদ্ভাৱনৰ পাছত বিশ্ববাসীয়েও এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ আৰু অধিক শক্তি পালে৷ ইতিমধ্যে ভাৰতৰ প্ৰায় দুই তৃতীয়াংশ লোকে ভেকচিনৰ প্ৰথম পালি ল’বলৈ সক্ষম হৈছে৷






    প্ৰাৰম্ভিত পৰ্যায়ত ভেকচিনৰ যথেষ্ট নাটনিয়ে দেখা দিছিল৷ মানুহে প্ৰথমপালি প্ৰতিষেধক বিছাৰিও হাহাকাৰ কৰিব লগা হৈছিল৷ কিন্তু লাহে-লাহে প্ৰতিখন জিলাই পৰ্যাপ্ত পৰিমাণে ভেকচিন লাভ কৰিলে৷ ভেকচিন প্ৰদানেৰে ৰাজ্যসমূহে নতুন-নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ অসমতো ভেকচিন প্ৰদানে গঢ়িলে আন এক অভিলেখ৷ ৰাজ্যত ৩ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ সীমা সফলতাৰে অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে।





    শণিবাৰে দুপৰীয়া ১.৩০ বজালৈকে মুঠ ৩,০০,২৫,৯৩২ পালি প্ৰতিষেধক প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্হ্য বিভাগে৷ এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকীয়ে লৈছে প্ৰথম পালি প্ৰতিষেধক। এতিয়ালৈকে দুয়োপালি ক'ভিড প্ৰতিষেধক ল'লে ৯৫.৮১ লাখ লোকে। অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত আৰু দ্বিতীয় পালিৰ সীমা ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল৷ ৰাজ্যখনে প্ৰতিষেধ ক প্ৰদানৰ ক্ষেত্ৰত লাভ কৰা এনে সাফল্যৰ পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক অভিনন্দন জনায় লগতে এই যাত্ৰাৰ অংশীদাৰ হোৱা প্ৰত্যেকজন স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ'লৈ স্বাস্থ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷