Regional
গুৱাহাটী: আজি মহানগৰীৰ হেঙেৰাবাৰীত সেউজ উদ্যানৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ মহানগৰীত থকা চৰকাৰী অৱশিষ্ট ভূমিত খেলা-ধূলা, প্ৰাতঃভ্ৰমণ, সান্ধ্যভ্ৰমণ আদিৰ বাবে উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটীৰ ৩টা গুৰুত্বপূৰ্ণ স্থানত পাৰ্ক নিৰ্মাণৰ বাবে ২০১৭ চনতে অনুমোদন জনোৱা হৈছিল। কিন্তু সেই প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল। সেয়ে ইয়াক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে।
সেই অনুসৰি হেঙেৰাবাৰীৰ এই উদ্যানখনৰ লগতে মালিগাঁও আৰু ফাঁচীবজাৰতো নিৰ্মাণ সম্পূৰ্ণ হ’ব দুখন উদ্যান। সময়মতে এই তিনিওটা প্ৰকল্পৰ কাম সম্পূৰ্ণ নহ’লে জবাবদিহি হ’ব বিষয়া-ঠিকাদাৰ। চানমাৰিত থকা জনসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ ২৬ বিঘা মাটিতো উদ্যান নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ দুয়োটা বিভাগৰ কাৰ্যালয় দিছপুৰলৈ স্থানান্তৰিত হ’ব।
ইয়াৰ উপৰি চানমাৰিৰ পৰা ৰাজগড়লৈ, গুৱাহাটী ক্লাবৰ পৰা বামুণীমৈদামলৈ নিৰ্মাণ হ’ব এখন বৃহৎ উৰণীয়া সেতু৷ আমচাং, সৃষ্টিনগৰ আদিত থকা জৈৱ-বৈচিত্ৰ ৰক্ষা কৰাৰ ক্ষৈত্ৰত দায়বদ্ধ হোৱাৰ লগতে দুৰ্গা পূজাৰ পূৰ্বে দিছপুৰ ছুপাৰমাৰ্কেটত নিৰ্মাণৰত উৰণীয়া সেতুখন মুকলি কৰা হ’ব বুলি উল্লেখ কৰে ডঃ শৰ্মাই৷
Leave A Comment