National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
ডিজিটেল ডেস্কঃ অৱশেষত সকলোৱে শুনিবলৈ পাম বুলি ভয় কৰি থকা খবৰটোৱেই আহিল।সকলোৱে আশা কৰিছিল বিক্ৰমজিৎ উভতি আহিব।ডিঙিত ষ্টেথিস্ক’প ওলমাই মাজুলীৰ ৰোগাক্ৰান্ত মানুহৰ মাজত আকৌ এবাৰ সোমাই পৰিব ডা: বিক্ৰমজিৎ। কিন্তু তেনেকুৱা একোৱেই নহ’ল। অলেখজনৰ প্ৰাৰ্থনাক অসাৰ প্ৰমাণ কৰি বিক্ৰমজিৎ বৰুৱা উভতি আহিল এটি উৱলি যোৱা মৃতদেহ হৈ।
মঙলবাৰে উদ্ধাৰ হয় সন্ধানহীন চিকিত্সক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। মাজুলীৰ ভেকেলী চাপৰিৰ কুমলীয়াত উদ্ধাৰ হয় ৭দিনে সন্ধানহীন হৈ থকা বিক্ৰমজিতৰ মৃতদেহ। ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা মৃতদেহটো বিক্ৰমজিৎ বৰুৱাৰ বুলি চিনাক্ত কৰা হয়। আনহাতে, বিশ্বনাথত এটা বেগ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।বিশ্বনাথৰ ভাচা টাপুত উদ্ধাৰ হোৱা বেগটো বিক্ৰমজিৎ বৰুৱাৰ বুলি নদী আৰক্ষীয়ে নিশ্চিত কৰিছে।ইতিমধ্যে মাজুলীৰ পৰা যোৰহাটলৈ লৈ অনা হৈছে বিক্ৰমজিৎ বৰুৱাৰ নিথৰ দেহ।
মৃতদেহ আহি পোৱাৰ লগে লগে যোৰহাটত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ। কান্দোনত ভাগি পৰিছে বৰুৱাৰ পৰিয়ালৰ লগতে আত্মীয়-স্বজন আৰু গুণমুগ্ধ।
Leave A Comment