• সোণৰ কণী পৰা হাঁহ অসম ক্ৰিকেট সন্থা! বিকাশ বৰুৱাৰ পাছত এইবাৰ প্ৰদীপ বুঢ়াগোহাঁই

    আঞ্চলিক
    সোণৰ কণী পৰা হাঁহ অসম ক্ৰিকেট সন্থা! বিকাশ বৰুৱাৰ পাছত এইবাৰ প্ৰদীপ বুঢ়াগোহাঁই

    ডিজিটেল ডেস্ক : ‘অসম ক্ৰিকেট সন্থা’ বা এচিএ-ই দেশৰ ক্ৰীড়া মানচিত্ৰত অসমৰ নাম উজলাব নোৱাৰিলেও ইটোৰ পাছত সিটো কেলেংকাৰিৰে বাৰম্বাৰ সংবাদ শিৰোনাম দখল কৰি থাকিবলৈ সক্ষম হৈছে। কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা অসম ক্ৰিকেট সন্থা যেন অসমৰ ক্ৰীড়াৰ উত্তৰ্ণৰ দিশত প্ৰধান অন্তৰায় হিচাপে বিবেচিত হৈছে। প্ৰথমে বিকাশ বৰুৱা কাণ্ডই কলংকিত কৰিছিল ৰাজ্যৰ আটাইতকৈ চহকী ক্ৰীড়া সন্থাটোক।





    তদানীন্তত কংগ্ৰেছ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী গৌতম ৰয়ৰ সৈতে যুটি বান্ধি বিকাশ বৰুৱাই ১৬বছৰে অসম ক্ৰিকেট সন্থাক একপ্ৰকাৰ লুটি-পুতি খাইছিল। বিকাশ বৰুৱাৰ বিৰুদ্ধে এই সময়ছোৱাত ১০০০কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰা অভিযোগ উত্থাপন হৈছিল। বিকাশ বৰুৱাৰ বিৰু্দ্ধে তদন্তও ঘোষণা কৰা হৈছিল যদিও সেই তদন্তৰ ফলাফল কি হ’ল সেয়া পোহৰলৈ নাহিল। গৌতম ৰয়ে বিজেপিৰ শৰনাপন্ন হোৱাৰ বিপৰীতে বিকাশ বৰুৱা প্ৰসংগও যেন টিলিকতে নাইকিয়া হৈ পৰিল।






    এইবাৰ আকৌ পোহৰলৈ আহিছে কোটিটকীয়া কেলেংকাৰীৰ আন এক অধ্যায়৷ এইবাৰো এই কেলেংকাৰীৰ কেন্দ্ৰস্থল হৈ পৰিছে অসম ক্ৰিকেট সন্থাৰ সাৰুৱা ভূমি। সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটাৰ সৃষ্টি কৰিবলৈ সক্ষম নহ’লেও কেলেংকাৰীৰ অভিলেখেৰে বাৰম্বাৰ সংবাদ শিৰোনাম দখল কৰিছে। এইবাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকৰ বিৰুদ্ধে। ৫০ কোটি টকাৰ বিত্তীয় খেলিমেলিৰ অভিযোগত বুধবাৰে নিশা টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক।





    বুঢ়াগোহাঁইৰ বিৰুদ্ধে ফটাশিল থানাত ৰুজু হৈছিল এক গোচৰ৷ এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন সম্পাদকগৰাকীক৷ এই বিত্তীয় খেলিমেলিৰ অভিযোগত গোচৰ ৰুজু কৰিছিল এচিএৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই৷ বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ফটাশিল আৰক্ষী থানাত জামিনবিহীন ধাৰাত ৰুজু হৈছিল একাধিক গোচৰ৷ গ্ৰেপ্তাৰৰ পাছত নিশাই প্ৰদীপ বুঢ়াগোঁহাইক লৈ অনা হ'ল ফটাশিল থানালৈ৷






    উল্লেখ্য যে, ২০১৬-২০১৯ লৈ প্ৰদীপ বুঢ়াগোহাঁই অসম ক্ৰিকেটৰ সম্পাদক আছিল। সেইসময়তে তেওঁ ভালেমান বিত্তীয় অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উঠিছিল। ২০১৯চনৰ ১২ ডিচেম্বৰত এচিএৰ বৰ্তমানৰ কমিটীখনে দায়িত্বভাৰ লোৱাৰ আগলৈকে প্ৰদীপ বুঢ়াগোহাঁই প্ৰায় আঢ়ৈ বছৰ অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত আছিল। এই দায়িত্বত থকাকালীন তেওঁ ব্যাপক অনিয়মেৰে সন্থাৰ ধনৰ অপব্যৱহাৰ কৰিছিল। আনকি বিচিচিআইৰ পৰা পোৱা ধনো তেওঁ চাতুৰীৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।





    আনহাতে বৰ্ষাপাৰা ষ্টেডিয়াম নিৰ্মাণৰ সময়তো নিবিদা অবিহনে তেওঁৰ ঘনিষ্ঠ ঠিকাদাৰ আৰু পৰিয়ালৰ লোকক বিভিন্ন কাম দিয়াৰ দৰে অনিয়মৰো অভিযোগ আছে বুঢ়াগোহাঁইৰ বিৰুদ্ধে। এচিএৰ ধনেৰে তেওঁ পৰিয়ালৰ সদস্যসকলক লগত লৈ বাৰে বাৰে বহিঃৰাজ্য ভ্ৰমণ কৰাৰো তথ্য পোহৰলৈ আহিছে। প্ৰাক্তন সম্পাদকজনৰ অনিয়মৰ তদন্ত কৰাৰ বাবে বৰ্তমানৰ কমিটীয়ে জামছেদ খানৰ নেতৃত্বত এখন ৭জনীয়া হিচাপ পৰীক্ষণ কমিটী গঠন কৰি দিছিল আৰু কমিটীখনে তেওঁৰ দুৰ্নীতিৰ তথ্য উদঙাই দি এখন ২০পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। কেইমাহমান পূৰ্বে ডিব্ৰুগড়ত অনুষ্ঠিত এচিএৰ এখন সভাত বুঢ়াগোহাঁইক অনিয়ম সংঘটিত কৰা ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিছিল যদিও এই নিৰ্দেশৰ প্ৰতি তেওঁ কোনো সঁহাৰি নজনালে। তাৰ পাছতে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ল আৰু তেওঁ এতিয়া ৰঙাঘৰৰ আলহী হৈছে।






    মন কৰিবলগীয়া কথাটো হ’ল অসম ক্ৰিকেট সন্থাৰ দৰে এটা গুৰুত্বপূৰ্ণ সংস্থাত বাৰে বাৰে কিয় এনে দুৰ্নীতিগ্ৰস্ত লোকসকলে বৰমূৰীয়াৰ আসন লাভ কৰে? ইয়াৰ আগেয়ে বিকাশ বৰুৱাই যি ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰিছিল সেয়া কাৰো অবিদিত নহয়। বৰুৱাক আঁতৰাই বুঢ়াগোহাঁইক বহুওৱা হ’ল যদিও তেৱোঁ একেই পন্থা গ্ৰহণ কৰাটো এক উদ্বেগৰ বিষয় হৈ পৰিছে। তাৎপৰ্যপূ্ৰ্ণভাৱে বিকাশ বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতো তেওঁৰ বিৰুদ্ধে কি তদন্ত কৰা হৈছিল আৰু এই তদন্তৰ ফলাফল কি হৈছিল সেয়া পোহৰলৈ নাহিল।





    এতিয়া একেটা এছ’চিয়েচনতে একেটা অভিযোগত আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে। মন কৰিবলগীয়া যে, ২০১১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত নাহৰকটীয়া সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল এইজন প্ৰদীপ বুঢ়াগোহাঁই-এ। বিগত নিৰ্বাচনতো তেওঁ দলীয় টিকট বিচাৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অতি ঘনিষ্ঠ বুলি চিহ্নিত হৈ আহিছে প্ৰদীপ বুঢ়াগোহাঁই। তেওঁ অসম এথলেটিকছ সন্থাৰ প্ৰাক্তন সভাপতি, অসম বেডমিণ্টন সন্থাৰ পূৰ্বৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অৰ্থাৎ অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল অতি গভীৰ। এইগৰাকী প্ৰভাৱশালী লোকৰ দুৰ্নীতিৰ তথ্য তদন্তৰ জৰিয়তে পোহৰলৈ অনাটো সম্ভৱ হ’ব নে নাই সেয়া সময়েহে ক’ব। নে বিকাশ বৰুৱাৰ কেলেংকাৰী গাপ দিয়াৰ দৰে এয়াও গাপ দিয়াৰ চেষ্টা চলিব সেয়া লক্ষ্যণীয় হ’ব।