• স্কুলীয়া ছাত্ৰীক ৰাজপথতে আক্ৰমণ মাতাল যুৱকৰ

    আঞ্চলিক
    স্কুলীয়া ছাত্ৰীক  ৰাজপথতে আক্ৰমণ মাতাল যুৱকৰ

    মৰিগাঁও : দিনৰ পোহৰতে ৰাজপথত এতিয়া সুৰক্ষিত নহয় ছাত্ৰী৷ ছাত্ৰীক আক্ৰমণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৰিগাঁৱত৷ জিলাখনৰ মৈৰাবাৰীত এগৰাকী ছাত্ৰীক আক্ৰমণ কৰে মাতাল যুৱক এজনে৷





    আৰু পঢ়িব পাৰিব :আজমলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ হুংকাৰ: ভয়ত কাষ চাপিছে মুখ্যমন্ত্ৰীৰ





    এই ঘটনাক কেন্দ্ৰ কৰি এতিয়াও জিলাখনত অব্যাহত আছে চেপা উত্তেজনা৷ জানিব পৰা মতে, বিদ্যালয় ছুটীৰ সময়ত ঘৰলৈ অ'টোৰে উভতি গৈ থকাৰ সময়তে নিচাত মগন যুৱক এজনে দশম শ্ৰেণীৰ ছাত্ৰীক আক্ৰমণ কৰে৷





    আৰু পঢ়িব পাৰিব :বায়ুসেনা বিষয়াৰ জীয়া অভিজ্ঞতাৰে সমৃদ্ধ দুখনকৈ গ্ৰন্থ উন্মোচন





    পাছত ৰাইজৰ ৰোষত হাতেলোটে ধৰে নিচাত থকা যুৱকজন৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে ৷ নিচাসক্ত যুৱকজনক আৰক্ষী হাতত চমজাই দিয়ে স্হানীয় লোকে৷