লণ্ডন: স্বপ্নপূৰণ নোভাক জোকোভিছৰ। ষষ্ঠবাৰলৈ উইম্বলডন খিতাপ জয় কৰিলে জোকোভিছে। ২০বাৰ ‘গ্ৰেণ্ডশ্লাম’ বিজয়ী জোকোভিছে ৰজাৰ ফেডেৰাৰ আৰু ৰাফেল নাডালৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আজি উইম্বলডনৰ ফাইনেল খেলত মাট্টিও বেৰেত্তিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল জোকোভিছ। খেলৰ ফলাফল -৬-৭(৪-৭),৬-৪,৬-৪,৬-৩ । ২০বাৰ ‘গ্ৰেণ্ডশ্লাম’ খিতাপ জয় কৰাৰ পাছত ৰজাৰ ফেডেৰাই টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰিছে জোকোভিছক।
ফেডেৰাই কয়, ‘২০বাৰ গ্ৰেণ্ডশ্লাম জয় কৰা বাবে নোভাক তোমাক শুভেচ্ছা। মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ, কাৰণ এনে টেনিছ কিম্বদন্তিৰ প্ৰজন্মত মই জন্মগ্ৰহণ কৰিছোঁ।’ উল্লেখ্য যে, চলিত উইম্বলডন টুৰ্নামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত পৰাভূত হোৱাৰ পাছত ৰজাৰ ফেডাৰাৰ এনে বদান্যতাই ক্ৰীড়া অনুৰাগীক পুলকিত কৰিছে।
আনহাতে, চলিত বৰ্ষত জোকাভিছে ৩টাকৈ গ্ৰেণ্ডশ্লাম জয়ী কৰিছে। প্ৰথমে অষ্ট্ৰেলিয়ান অপেন, তাৰ পাছত ফৰাছী অপেন আৰু আজি উইম্বলডন। বিগত সময়ত উইম্বলডনত মহিলাৰ একক খেলত কেৰোলিনা পিলিছকোভাক পৰাভূত কৰিছে অষ্ট্ৰেলিয়াৰ টেনছি সুন্দৰী এছলে বাৰ্তিয়ে। প্ৰথমবাৰলৈ উইম্বলডন খিতাপ জয়ী বাৰ্তিৰ এয়া দ্বিতীয়টো ‘গ্ৰেণ্ডশ্লাম’ খিতাপ।
Leave A Comment